স্বামী-স্ত্ৰীৰ বয়সৰ পাৰ্থক্য কিমান হ’লে পাৰফেক্ট

0
200

সকলোৰে মনত এটা প্ৰশ্ন জাগে যে স্বামী আৰু স্ত্ৰীৰ বয়সৰ ব্যৱধান কিমান হোৱা বাঞ্ছনীয়৷ এই ক্ষেত্ৰত বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা কি কয় সেয়া নিশ্চয় জানিবলগীয়া কথা৷আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত বিশ্বাস কৰা হয় যে স্বামীৰ বয়স স্ত্ৰীৰ বয়সতকৈ বেছি হোৱা উচিত৷ কিন্তু এইখন সমাজতে এনে বহু সফল দম্পতী আছে, যিসকল স্ত্ৰীৰ বয়স স্বামী বয়সতকৈ বহু বেছি৷ ইয়াৰ বিপৰীতে দেখা যায় স্বামীজন পত্নীগৰাকীতকৈ বয়সতৈকৈ বহু ডাঙৰ৷ এনে পৰিস্থিতিত হয়তো বহুতৰে মনত এটা প্ৰশ্ন আহে যে পতি আৰু পত্নীৰ মাজত বয়সৰ ব্যৱধান কিমান হোৱাটো বাঞ্ছনীয়৷ ঐতিহাসগতভাৱে ভাৰতীয় সমাজত বিবাহ এটা পৱিত্ৰ বান্ধোন৷ এই সম্পৰ্কক কোৱা হয় সাত জনমৰ বান্ধোন৷ কিন্তু পৰিৱৰ্তনশীল সমাজে বিবাহ সম্পৰ্কে মানুহৰ চিন্তাধাৰা তথা বহুত ঐতিহ্যৰ পৰিৱৰ্তন হৈছে যুগে যুগে৷ সাধাৰণতে আমাৰ সমাজ ব্যৱস্থাত পাৰিবাৰিকভাৱে সম্বন্ধৰ জৰিয়তে বিবাহ প্ৰথা থাকিলেও তৰুণ প্ৰজন্মৰ একাংশই প্ৰেম বিবাহৰ প্ৰতি আকৃষ্ট হৈছে৷ যাৰ কোৱা হয় লাভ মেৰেজ৷ কেতিয়াবা ইয়াত বয়সৰ পাৰ্থক্যও দেখা যায়৷ অৱশ্যে বয়সৰ ব্যৱধান থাকিলেও বৈবাহিক সম্পৰ্ক মজবুত যে নহ’ব সেয়া ক’ব নোৱাৰি৷ সেয়ে বিজ্ঞান অনুযায়ী এহাল বৈবাহিক নাৰী-পুৰুষৰ বয়স কিমান হোৱা উচিত অথবা এজন পুৰুষ আৰু এগৰাকী নাৰীৰ শাৰীৰিক সম্পৰ্ক স্থাপনৰ ন্যূনতম বয়স কিমান হোৱা উচিত৷ এই ক্ষেত্ৰত কোৱা হৈছে যে নাৰী-পুৰুষৰ শৰীৰৰ হৰমনৰ পৰিৱৰ্তন ঘটিলেই তেওঁলোক শাৰীৰিক সম্পৰ্ক কৰিবলৈ সক্ষম হয়৷ এই পৰিৱৰ্তন ৭-১০ বছৰ বয়সীয়া ছোৱালীৰ ক্ষেত্ৰত আৰম্ভ হয়৷ পুৰুষৰ ক্ষেত্ৰত ৯-১৫ বছৰৰ মাজত এই পৰিৱৰ্তন দেখা যায়৷ এই হৰমনৰ পৰিৱৰ্তন পুৰুষৰ তুলনাত মহিলাসকলৰ দেহলৈ সোনকালে আহে৷ ইয়াৰ বাবে তেওঁলোকে পুৰুষৰ তুলনাত সোনকালে শাৰীৰিক সম্পৰ্ক কৰিবলৈ সক্ষম হয়৷ অৱশ্যে এই হৰমনৰ পৰিৱৰ্তন মানে এইটো নহয় যে ল’ৰা বা ছোৱালীয়ে এই বয়সৰ পৰাই বিবাহ পাতিবলৈ উপযুক্ত সময় হয়৷ বিশ্বৰ বিভিন্ন দেশত যৌন মিলনৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হয়৷ এই বয়স ১৬ ৰ পৰা ১৮ বছৰৰ মাজত৷ সেই অনুসৰি আমাৰ দেশত শাৰীৰিক সম্পৰ্কৰ সৰ্বনিম্ন বয়স হৈছে ১৮ বছৰ৷ ইয়াৰ উপৰি আমাৰ দেশত আইনগত বিবাহৰ ন্যুনতম বয়সো নিৰ্ধাৰণ কৰা আছে৷ ছোৱালীৰ ক্ষেত্ৰত ১৮ বছৰ আৰু ল’ৰাৰ ক্ষেত্ৰত ২১ বছৰ৷ সেই আইন অনুসৰি স্বামী-স্ত্ৰীৰ বয়সৰ মাজত তিনি বছৰৰ ব্যৱধান এই দেশৰ আইনত গ্ৰহণযোগ্য৷ সামগ্ৰিকভাৱে তথা ঐতিহ্যগতভাৱে ভাৰতীয় সমাজ ব্যৱস্থাত স্বামী-স্ত্ৰীৰ বয়সৰ মাজত তিনিৰ পৰা পাঁচ বছৰৰ ব্যৱধান গ্ৰহণযোগ্য হিচাপে ধৰা হয়৷ ইয়াৰ লগতে সামাজিকতা মতে এগৰাকী ছোৱালীৰ বয়স ল’ৰাজনতকৈ কম হোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here