ম’বাইল ফোন লৈ শোৱাটো কিমান বিপজ্জনক জানেনে ?

0
141

আজিৰ যুগত সকলোৰে বাবে ম’বাইল ফোন এটা এৰাব নোৱৰা অংগ হৈ পৰিছে৷ দিনটোৰ আৰম্ভণিৰ পৰা ৰাতি শোৱাপৰ্যন্ত ম’বাইল ফোনটো আমাৰ লগতে থাকে৷ বিশেষকৈ ৰাতি ম’বাইলটো গাৰুৰ কাষত লৈ নুশুলে কিবা আধৰুৱা যেন লাগে৷ কিন্তু ৰাতি ম’বাইল ফোনটো কাষত লৈ শোৱাৰ ফলত ই কিমান ক্ষতি কৰে, আপুনি জানেনে?
ম’বাইল ফোনটো কাষত লৈ শোৱাৰ ফলত ইয়াৰ পৰা ওলোৱা ৰেডিয়েশ্যনে আপোনাৰ মগজুৰ ওপৰত বেয়া প্ৰভাৱ পেলায়৷ বিশেষকৈ যেতিয়া ম’বাইল ফোনটোৰ বেটাৰীৰ চাৰ্জ কম থাকে বা নেটৱৰ্ক কম থাকে, তেতিয়া তাৰ পৰা ৰেডিয়েশ্যন অধিক মাত্ৰাত ওলায়৷ যি আমাৰ মগজুৰ বাবে ক্ষতিকাৰক৷
শেহতীয়াকৈ জনসাধাৰণক সতৰ্ক কৰি দিছে যে ম’বাইল ফোন লগত লৈ শুই থকাৰ ফলত ফোন গৰম হৈ কেতিয়াবা ফোন বিস্ফোৰণ হোৱাও দেখা গৈছে৷ বিশেষকৈ ফোন চাৰ্জ দি শোৱাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হয়৷
ম’বাইল ফোনৰ পৰা ওলোৱা নীলা ৰঙে আমাৰ চকু আৰু মগজুত যথেষ্ট ক্ষতি কৰে৷ যাৰ ফলত শৰীৰত মেলাটনিন হৰমন কমকৈ উৎপন্ন হোৱাত অৰিহণা যোগায়৷ এই মেলাটনিন হৰমনক শ্লিপ হৰমন বুলিও কোৱা হয়৷ কমকৈ মেলাটনিন উৎপন্ন হোৱাৰ ফলত ৰাতি টোপনি নহাৰ সমস্যাও অধিক হয়৷
আনকি ম’বাইল ফোনটো চাৰ্জত লগোৱাৰ সময়ত তাৰ পৰা ওলোৱা সামান্য পোহৰেও আমাৰ হৰমনক প্ৰভাৱিত কৰে৷ লগতে সেই পোহৰে মূৰৰ বিষ, চকু ৰঙা পৰা, ধোঁৱা ধোঁৱা দেখা আদি সমস্যাৰ সৃষ্টি কৰে৷
ডব্লিউ এইচ অ’ৰ মতে ইলেকট্ৰনিক ডিভাইচবোৰ আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক৷ কাৰণ এই ডিভাইচবোৰে টক্সিক উৎপন্ন কৰে৷ যিয়ে শৰীৰত কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰে৷ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ম’বাইল ফোনটো ৰাতি শোৱাৰ সময়ত নিজৰ পৰা ৩.৫ ফুট দূৰত্বত ৰখা উচিত৷ মনত ৰাখিব যদি ফোনটো শোৱাৰ সময়ত লগত ৰাখেও তেন্তে ছুইচ অফ কৰি শোৱক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here