বিশ্বত বিভিন্ন ধৰণৰ আ(ৰ্যকৰ ভৱন তথা হোটেল আদি পোৱা যায়৷ ইয়াৰ ভিতৰত দক্ষিণ আমেৰিকাৰ এণ্ডিজ পৰ্বতত থকা কেইখনমান হোটেলে প্ৰকৃততেই আশ্চৰ্যৰ সৃষ্টি কৰিছে৷ এই হোটেলখন নিমখেৰে সজা হৈছে৷ এই হোটেলকেইখন সজা হৈছে বিশ্বৰ আটাইতকৈ বিশাল নিমখ ক্ষেত্ৰ৷ এই হোটেলখনৰ ভিতৰত থকা আচবাব-পত্ৰ, প্ৰাচীৰ, মজিয়া, মূৰ্তি আদি সকলোবোৰ নিমখৰ৷ আনকি ইয়াত নিমখ থকা খাদ্যহে পৰিৱেশন কৰা হয়৷ বলিভিয়াৰ শুকাই যোৱা হ্ৰদ ছালাৰ দ্য উইয়ুনীৰ পাৰত অৱস্থিত এই হোটেলকেইখনৰ নাম হ’ল হোটেল পেলাচিয়া দ্য ছাল, হোটেল দ্য ছাল লুনা ছালাডা আৰু কাছা দ্য ছাল৷ ইয়াৰ ভিতৰত হোটেল পেলেচিয়া দ্য ছাল আটাইতকৈ পুৰণি৷ এই হ্ৰদৰ পাৰত প্ৰায় চাৰি হাজাৰ বৰ্গ মাইলৰ নিমখৰ মৰুভূমি৷ ইয়াৰ প্ৰাচীৰ আৰু খুঁটাবোৰ নিমখৰ পৰা তৈয়াৰ কৰা ইটাৰে সজা হৈছে৷ কিছুমান কোঠাৰ ওপৰৰ ভাগো নিমখেৰে ঢকা৷ হোটেলখনত অভ্যাগতক বহিবলৈ দিয়া হয় নিমখেৰে সজা বিশেষ ধৰণৰ ছোফাত৷ এই হোটেলখনত পৰিৱেশন কৰা খাদ্য সম্ভাৰৰ ভিতৰত লামাৰ মাংস, ভেড়া আৰু কুকুৰাৰ মাংসৰ নিমখীয়া ব্যঞ্জন পৰিৱেশন কৰা হয়৷ হোটেলখনৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰা মতে, তাত প্ৰৱেশ কৰি অভ্যাগতসকলে সদায় সন্তুষ্টি প্ৰকাশ কৰে আৰু ইয়াৰে কিছুমানে হাতেৰে প্ৰাচীৰ বা আচবাব-পত্ৰসমূহ মোহাৰি চাই প্ৰকৃততে নিমখেৰে তৈয়াৰ কৰা হৈছে নাই পৰীক্ষা কৰি চায়৷ হোটেল পেলেচিয়া দ্য ছাল নিৰ্মাণ কৰা হৈছে ৩৫ চেণ্টিমিটাৰৰ নিমখৰ দানাৰে সজা ১০ লাখ টুকুৰা ইটাৰে৷ ১০ হাজাৰ টন ওজনৰ এই হোটেলখন সাজোতে দুবছৰ সময় লাগিছিল৷ অৱশ্যে বৰষুণে কৰা ক্ষতিৰ কাৰণে প্ৰতি ১০-১৫ বছৰৰ মূৰে মূৰে এই হোটেলকেইখন পুনৰ নিৰ্মাণ কৰাৰ প্ৰয়োজন হয়৷