হ্ৰাস পাইছে এণ্টিবায়’টিকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা

0
81

এটা নতুন অধ্যয়নত কোৱা হৈছে যে বৰ্তমান প্ৰচলিত এণ্টিবায়’টিকবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ৰমাৎ কমি আহিছে আৰু নতুন ঔষধৰ উদ্ভাৱনো সংকুচিত হৈ আহিছে৷ এনে অৱস্থাত ২০৩০ চনৰ ভিতৰত বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুতৰ ভাবুকিয়ে দেখা দিছে৷ লেনচেট ৰিজনেল হেলথছাউথ ইষ্ট এছিয়াত প্ৰকাশিখ অধ্যয়নটোত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এ এম আৰ ছাৰ্ভিলেন্স নেটৱৰ্কৰ ২১ টা টাৰ্বিয়াৰি কেয়াৰ চেণ্টাৰৰ ছয় বছৰৰ তথ্য বিশে¡ষণ কৰা হৈছিল এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেন্সৰ গতি-প্ৰকৃতি জানিবলৈ৷ এই অধ্যয়নটো চলাইছিল দিল্লীৰ ইন্দ্ৰপ্ৰষ্ঠ ইনষ্টিটিউট অব ইনফৰমেশ্যন টেকনলজি আৰু আই চি এম আৰৰ গৱেষকসকলে৷ আনহাতে সমগ্ৰ ভাৰততে ব্লাডষ্টীম ইনফেকশ্যনছত এ এম আৰৰ ধৰণ আৰু গতি-প্ৰকৃতি অধ্যয়ন কৰা হৈছিল৷ ইয়াৰ প্ৰধান উদ্দেশ্য আছিল এণ্টিবায়’টিকবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতগতিত কমি অহাটো ৰোধ কৰিবলৈ কেনেধৰণৰ কৌশল লাগিব সেইটো স্থিৰ কৰা৷ অধ্যয়নটোত ইংগিত দিয়া হৈছে যে ক্লেৱছিয়েল, ই কলাই আৰু এছিনেট’বেক্টাছ বেক্টেৰিয়াৰ কাৰণে হোৱা সংক্ৰমণবোৰৰ চিকিৎসা ব্যৱহাৰ কৰা ইলিপেনেম আৰু মে’ৰপেনেম নামৰ এণ্টিবায়’টিক দুবিধৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈছে৷ একেদৰে আন কিছুমান এণ্টিবায়’টিকৰো ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতভাৱে কমি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here