ৰাতি মুখত গোলাপ জল লগোৱা উচিতনে ?

0
237

ৰাতি শোৱাৰ সময়ত মুখখন কিছুমান সামগ্ৰী লগোৱা হয় যদিও এই ক্ষেত্ৰত মুখত গোলাপ জল লগোৱাটো উচিতনে? আমি জানো যে ছালৰ যত্নত গোলাপ জলৰ অৱদান অনস্বীকাৰ্য৷ গোলাপ জল হ’ল এনে এবিধ প্ৰাকৃতিক উপাদান, যি ছালৰ কাৰণে সকলোতকৈ সুৰক্ষিত বুলি ভবা হয়৷ বেছিভাগ মানুহে ছালখনৰ যত্নৰ বাবে টোনাৰ হিচাপে গোলাপ জল ব্যৱহাৰ কৰে৷ গোলাপ জলে ছালৰ পি এইচৰ স্তৰৰ ভাৰসাম্য বজাই ৰাখে৷ ইয়াৰ লগতে ছালৰ প্ৰদাহ কমাই ৰাখি ছালৰ এলাৰ্জি, ৰাছ আদিৰ দৰে সমস্যাৰ পৰা মুক্ত কৰি ৰাখে৷ আনহাতে গোলাপ জলে ছালখনক হাইড্ৰেট কৰি ৰখাত সহায় কৰে৷ নৰ্মেল অথবা তৈলাক্ত যিকোনো ছালতে গোলাপ জল ব্যৱহাৰ কৰিব পাৰি৷ প্ৰথমে ক্লিনজাৰৰ সহায়ত ছালখন পৰিষ্কাৰ কৰি তাৰ পাছত মুখত টোনাৰ হিচাপে গোলাপ জল ব্যৱহাৰ কৰিব পাৰি৷ ছালৰ পৰা অতিৰিক্ত তেল, ময়লা তথা জীৱাণু পৰিষ্কাৰ কৰাৰ সহায় কৰে গোলাপ জলে৷ ইয়াৰ লগতে ছালখনক মইশ্বৰাইজড কৰি ৰাখে গোলাপ জলে৷ পুৱা ছালখনৰ গোলাপ জল লগালে যথেষ্ট সুফল পোৱা যায়৷ কিন্তু ৰাতি মুখত গোলাপ জল লগালে ছালখনৰ ওপৰত কিবা প্ৰভাৱ পৰে নেকি? ছালখনক গোলাপ জলৰ পৰা উপকাৰিতা পাবলৈ দুবেলাই লগাব পাৰে৷ ৰাতিৰ স্কিন কেয়াৰ ৰুটিনত যোগ কৰিব পাৰে গোলাপ জল৷ অৰ্থাৎ দিন বা ৰাতি যিকোনো সময়তে ছালখনত গোলাপ জল লগালে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here