গাখীৰৰ স’তে নিমখ একেলগে খোৱা উচিতনে?

0
247

গাখীৰ এবিধ পুষ্টিকৰ খাদ্য৷ প্ৰায় সকলোৱে কম-বেছি পৰিমাণে বিভিন্ন উপায়ৰে গাখীৰ খায় আৰু আমি সকলোৱে জানো গাখীৰৰ কেনেকৈ খাব লাগে৷ আনহাতে গাখীৰ সেৱনৰ ফলত হোৱা বিভিন্ন উপকাৰিতা তথা অনিয়মত গাখীৰ খোলে হ’ব পৰা ক্ষতিৰ বিষয়ে আমি বহুতেই হয়তো নাজানো৷ অৱশ্যে এই সাধাৰণ জ্ঞান প্ৰতিজনৰে থকাটো জৰুৰী৷ গাখীৰ কিদৰে তথা কিহৰ সৈতে খাব অথবা নাখাব এই বিষয়ে জনাটো খুবেই প্ৰয়োজন আৰু স্বাস্থ্য সচেতনতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ৷ গাখীৰক পূৰ্ণাংগ খাদ্যৰ মৰ্যাদা দিয়া হৈছে৷ ইয়াৰ কাৰণ হ’ল গাখীৰ বেছ পুষ্টিকৰ খাদ্য৷ সেয়ে গাখীৰ কিদৰে খোৱা উচিত তথা কিদৰে খোৱা অনুচিত সেই সম্পৰ্কে কিছু কথা জানো আহক৷
আচলতে গাখীৰ পুষ্টিকৰ৷ তাৰ মানে এইটো নহয় যে আপুনি এই পুষ্টিকৰবিদ যিকোনো সময়তে বা সকলোৰে সৈতে খাব পাৰে৷
পুৱাই খালী পেটত গাখীৰ খোৱা উচিত নহয়৷ ইয়াৰ ফলত কোষ্ঠকাঠিন্য তথা গেছৰ সমস্যা হ’ব পাৰে৷ খালী পেটত গাখীৰ সেৱন কৰিলে পেটত এচিড, বমিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ কেঁচা নে গৰম কিধৰণেৰে গাখীৰ সেৱন কৰিলে বেছি পুষ্টি পোৱা যায়৷ বিশেষজ্ঞৰ মতে গাখীৰ গৰম কৰি খালে ইয়াত থকা বহুতো পুষ্টিগুণ নষ্ট হয়৷ সেয়ে কেঁচা গাখীৰ ভাল৷ কিন্তু এই পদ্ধতিত যিমান সুবিধা আছে, সিমানেই অসুবিধাও আছে৷ কিয়নো কেঁচা গাখীৰ সেৱন কৰিলে ইয়াত থকা বেক্টেৰিয়া পেটলৈ গৈ নানা সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ তৰমুজ, চাইট্ৰাছজাতীয় ফল, কল আদিৰ সৈতে গাখীৰ খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ গাখীৰত নিমখ যোগ কৰি বা নিমখ পনীৰৰ সৈতে খালে ছডিয়াম তথা লেকটোজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ইয়াৰ ফলত ৰক্তচাপ বঢ়াই দিব পাৰে তথা হূদৰোগৰ দৰে ৰোগক ট্ৰিগাৰ কৰিব পাৰে৷ আনহাতে জণ্ডিচ, ডায়েৰিয়া তথা আমাশয়ৰ দৰে সমস্যা ভুগি থাকিলে গাখীৰ খোৱাৰ পৰা বিৰত থকাই ভাল৷ আনহাতে হালধিৰ সৈতে গাখীৰ মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়৷ হজমশক্তি উন্নত হোৱাৰ লগতে কাহ, চৰ্দি, হাত-ভৰি ফুলা ভাব আদি বিভিন্ন সমস্যা সমাধান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here