সাপে দিনটোত কিমান ঘণ্টা শোৱে?

0
246

সাপক লৈ বহু জল্পনা-কল্পনাৰ অন্ত নাই৷ পৃথিৱীৰ বিষাক্ত প্ৰাণীবোৰৰ ভিতৰতে সাপো অন্যতম৷ এই সাপে কামুৰিছে মানুহ জীয়াই নাথাকে৷ সাপক লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা প্ৰকাশ হৈছে৷ সাপৰ খোৱাৰ ধৰণ, আয়ুসকাল, সাপৰ বিষ বিষাক্ত হোৱাৰ কাৰণ অথবা ইয়াৰ বাসস্থান, খাদ্য আনকি সাপৰ শোৱাৰ সময় আদিও অধ্যয়ন কৰা হৈছে৷ সাপৰ টোপনিৰ বিষয়ে বা সাপে কিমান সময় টোপনি মাৰে আদি প্ৰশ্নৰ উত্তৰ বেছিভাগ মানুহে নাজানে৷ সেয়ে জানিবলৈ মন যায় যে এডাল পূৰ্ণবয়স্ক সাপে কিমান সময় টোপনি যায়৷ তথা অনুসৰি শোৱাৰ ক্ষেত্ৰত সাপে মানুহতকৈ আগুৱাই আছে৷ সাপে সাধাৰণতে দিনত ১৬ ঘণ্টাকৈ টোপনি মাৰে৷ এছিয়া, আফ্ৰিকা, অষ্টে˜লিয়াত পোৱা বিষাক্ত সাপ পাইথনে দৈনিক ১৮ ঘণ্টাপৰ্যন্ত টোপনি মাৰে৷ আনহাতে শীতকালি সাপে গাঁতত সোমাই থাকে৷ এই সময়খিনি সাপে বেছিভাগ সময়েই টোপনি গৈ থাকে৷ তথ্যৰ পৰা জনা মতে ঠাণ্ডাৰ দিনত সাপে ২০-২২ ঘণ্টা টোপনি মাৰে৷ আজগৰ জাতীয় সাপে ঠাণ্ডাৰ দিনত ডাঙৰ চিকাৰ কৰি বহুদিন একো নোখোৱাকৈয়ে বহুদিন ধৰি টোপনি মাৰি থাকিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here