আপোনাৰ হাত-ভৰি জিনজিনাব পাৰে এই ভিটামিনৰ অভাৱত

0
123

বহুতৰে বহু সময় একে ঠাইতে থিয় হৈ বহি থাকিলে ভৰি বা হাত জিনজিনাবলৈ ধৰে আৰু অলপ সময় লৰচৰ কৰিব নোৱাৰা হৈ পৰে৷ একেদৰে গাড়ী, মটৰচাইকেল উঠিলেও ভৰিৰ জিনজিননি উঠি জোতা-ছেণ্ডেল সৰি পৰাৰ দৰে ঘটনাও ঘটে৷ ইয়াৰ নেপথ্যত থাকিব পাৰে বিভিন্ন শাৰীৰিক কাৰণ৷ তাৰ ভিতৰত শৰীৰত ভিটামিনৰ অভাৱ হোৱাটো মুখ্য কাৰণ হিচাপে বিবেচিত হৈ আহিছে৷ এইধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ খাদ্য তালিকাত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰাটো অত্যন্ত জৰুৰী৷
শৰীৰত ভিটামিন-ইৰ অভাৱ হ’লে শৰীৰৰ হাত-ভৰিৰ জিনজিননি হোৱাৰ সমস্যাই দেখা দিব পাৰে৷ সেয়েহে এই সমস্যা দূৰ কৰিবলৈ প্ৰচুৰ পৰিমাণে ভিটামিন-ইযুক্ত খাদ্য গ্ৰহণ কৰা উচিত৷
খাদ্য তালিকাত চিনাবাদাম ৰাখিব পাৰে, কিয়নো চিনাবাদাম ভিটামিন-ইৰ ভাল উৎস৷
ইয়াৰ উপৰি এবোকাডোত ভিটামিন-ই যথেষ্ট পৰিমাণে পোৱা যায়৷ সেয়ে নিয়মিতৰূপে এবোকাডো খালে ভিটামিন-ই শৰীৰে লাভ কৰে আৰু উপৰিউক্ত সমস্যাসমূহ সমাধান হোৱাৰ সহায় কৰে৷
আলমণ্ড ভিটামিন-ইৰ সকলোতকৈ ভাল উৎস হিচাপে জনা যায়৷ এটা পাত্ৰত আলমণ্ড তিয়াই ৰাখি পুৱা বাকলি গুচাই খালে উক্ত সমস্যাৰ পৰা সুফল লাভ কৰিব পাৰি৷
ছানফ্লাৱাৰ নিয়মিতভাৱে সেৱন কৰিলে হাত-ভৰিৰ জিনজিননিৰ সমস্যাৰ পৰা উপশম পোৱা যায়৷ কিয়নো ছানফ্লাৱাৰত যথেষ্ট পৰিমাণে ভিটামিন-ই থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here