বিভিন্ন সময়ত পৃথিৱীৰ ধ্বংস তথা বিপৰ্যয় সম্পৰ্কে বিভিন্ন দাবী কৰি আহিছে৷ কেতিয়াবা এহাজাৰ বছৰৰ পাছত আৰু কেতিয়াবা এক লাখ বছৰ পাছত ভৱিষ্যদ্বাণী কৰা হৈছে৷ কিন্তু ইয়াৰ আচল সত্য কি? বিজ্ঞানীয়ে এই সম্পৰ্কে কি মত প্ৰকাশ কৰিছে৷ পৃথিৱীৰ ধবংসৰ সময় তথা তাৰিখ কি ওচৰ চাপি আহিছে নেকি? জানো আহক ইয়াৰ সঠিক তথ্য৷ নেচাৰ জিঅ’ছায়েন্সৰ প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীৰ ধংবস তথা বিপৰ্যয় সম্ভৱতঃ সূৰ্যৰ কাৰণে হ’ব৷ বিজ্ঞানীয়ে অনুমান কৰিছে যে এতিয়াৰ পৰা প্ৰায় এক বিলিয়ন বছৰৰ পাছত এনে পৰিস্থিতিৰ উদ্ভৱ হ’ব৷ কাৰণ সূৰ্যৰ বিকিৰণে পৃথিৱীৰ বায়ুমণ্ডলক বাষ্পীভূত কৰিব৷ ফলত সকলো অক্সিজেন শুহি ল’ব৷ ইয়াৰ ফলত ইয়াত থকা জীৱ তথা প্ৰাণীয়ে অক্সিজেনৰ অভাৱত মৃত্যুমুখত পৰিব৷ এনে অৱস্থাত পৃথিৱীখন জীৱশূন্য হৈ মাত্ৰ এটা অনুৰ্বৰ শিলাখণ্ডলৈ ৰূপান্তৰিত ঘটিব৷ গৱেষকৰ মতে সূৰ্যৰ পৰা নিৰ্গত বিকিৰণে অনাগত সময়ত বায়ুমণ্ডলৰ পৰা অক্সিজেনৰ পৰিমাণ কমাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ পাছত পৃথিৱীৰ কাৰ্বনৰ ধোঁৱা দ্ৰুতভাৱে বাঢ়ি গৈ থাকিব৷ যাৰ কাৰণে পৃথিৱীত প্ৰাণী, গছ, লতিকা আন জীৱ জন্তু বাস কৰাটো কঠিন হৈ পৰিব আৰু এটা সময়ত এই সকলোবোৰ নোহোৱা হৈ পৰিব৷ আনকি সাগৰ মহাসাগৰৰ পানী নাইকিয়া হৈ যাব৷ প্ৰথমাৱস্থাত পৃথিৱী দ্ৰুতভাৱে উত্তপ্ত হৈ পৰিব৷ ইয়াৰ বায়ুমণ্ডলত কাৰ্বনেট-ছিলিকেটৰ পৰিমাণ দ্ৰুতভাৱে বৃদ্ধি পাব৷ এনে এটা সময় আহিব যেতিয়া পৃথিৱীৰ বিপৰ্যয় পৰিস্থিতিৰ সৃষ্টি হ’ব আৰু পৃথিৱীৰ ধবংসপ্ৰাপ্ত হ’ব৷