বতৰৰ ফল লিচুৰ উপকাৰিতা জানো আহক

0
102

গ্ৰীষ্মকাল মানেই নানা ৰকমৰ ফলৰ সমাহাৰ৷ এই সময়খিনি ৰসাল, মিঠা বিভিন্ন ফল-মূলেৰে ভৰি থাকে ঘৰৰ বাৰী৷ আম, কঁঠাল, পনিয়ল, লিচু, মধুৰিআম, জাম আদি বিবিধ ফলেৰে বজাৰ ভৰি পৰে৷ ইয়াৰ ভিতৰত বতৰৰ ফল হিচাপে সুমিষ্ট তথা সুস্বাদু লিচুও অন্যতম৷ লিচু অকল যে সোৱাদেৰে ভৰা এনে নহয়, ইয়াৰ আছে বহুতো স্বাস্থ্য উপকাৰী গুণ৷ পৰিমিত পৰিমাণে লিচু খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ যথেষ্ট উপকাৰ হ’ব পাৰে৷ জানো আহক লিচু স্বাস্থ্য উপযোগী গুণাগুণ৷
লিচুত প্ৰায় ৮২ শতাংশ পানী থাকে৷ সেয়ে প্ৰখৰ গৰমৰ দিনত শৰীৰত পানীত নাটনি তথা অভাৱ পূৰণ কৰিবলৈ লিচু খাব পাৰে৷ কিয়নো গৰমত ঘামৰ জৰিয়তে আমাৰ শৰীৰৰ পৰা পানী ওলাই যায়৷ ইয়াৰ অভাৱ নোহোৱা কৰিবলৈ লিচু খোৱা উত্তম৷ লিচুই শৰীৰ সতেজ কৰি ৰখাত সহায় কৰে৷
আমাৰ শৰীৰৰ সুস্থতাৰ কাৰণে শৰীৰত সঠিক পৰিমাণৰ তেজৰ সঞ্চালন হোৱাটোও জৰুৰী৷ এই কামত লিচুৱে সহায় কৰিব পাৰে৷ লিচুত থকা অলিগোনাল নামৰ বিশেষ উপাদানবিধে নাইট্ৰিক অক্সাইড প্ৰস্তুত কৰে৷ যাৰ কাৰণে লিচু খালে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি হয়৷
যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকে ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ লিচু খোৱা দৰকাৰী৷ কাৰণ লিচুত প্ৰচুৰ পৰিমাণে পটাচিয়াম থাকে, যিয়ে উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে৷
আমাৰ পেটৰ বিভিন্ন সমস্যা নিৰাময়ৰ বাবে লিচু উত্তম ফল৷ লিচু হ’ল ফাইবাৰৰ এটা ভাল উৎস৷ সেয়ে লিচু খোৱাৰ ফলত পেটৰ যিকোনো সমস্যা দূৰ কৰাত সহায়ক হয়৷ লিচুত থকা ফাইবাৰে শৰীৰৰ ভিতৰত থকা টক্সিন বাহিৰ কৰাত সহায় কৰে৷
যিসকল লোকে শৰীৰৰ ওজন কমাব বিচাৰে. তেওঁলোকৰ বাবে খুব উপকাৰী ফল হ’ল লিচু৷ কাৰণ লিচুত ফাইবাৰ থাকে বাবে ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ আনহাতে লিচুত থাকে প্ৰাকৃতিক ৰোগ প্ৰতিৰোধক ক্ষমতা৷ যি কাৰণে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ লিচু খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here