গুৱাহাটীৰ ৰয়েল গ্লবেল স্কুললৈ প্ৰথমবাৰৰ বাবে আহিছে এগৰাকী ‘আইৰিছ মিছ’৷ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰাৰ আগমুহূৰ্তত মিছগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসৰলৰ সৈতে চিনাকি পৰ্ব সম্পাদন কৰি শিক্ষাৰ্থীসকলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি গ’ল সলসলীয়াকৈ৷ ইয়াৰ পাছত সকলোৰে লগত কৰমৰ্দন কৰিলে৷ আইৰিছ মিছ সান্নিধ্য লাভ কৰি উৎফুল্লিত হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল৷ পৰিপাটী অসমীয়া মেখেলা-চাদৰ পৰিধান কৰি এইদৰে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ব্যস্ত থকা এই ‘মিছ’গৰাকী বাৰু কোন আপুনি জানেনে? ইয়াৰ উত্তৰ শুনিলে আপুনি হয়তো অবাকেই নহয়, মূক হৈ পৰিব কিছু সময়ৰ বাবে৷ হয়, ঠিকেই শুনিছে আপুনি আচলতে গুৱাহাটীৰ ৰয়েল গ্লবেল স্কুলত শিক্ষয়িত্ৰীৰ ৰূপত যোগদান কৰা এইগৰাকী মিছ প্ৰকৃততে আধুনিক প্ৰযুক্তিৰ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত এটা ৰবট৷ অকল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত শিক্ষয়িত্ৰী এই আইৰিছ নামৰ ৰবটটোৱে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈেছ৷ এতিয়াৰ পৰা ৰয়েল গ্লবেল স্কুলত পাঠদান কৰিব এ আই প্ৰযুক্তিগত এই আইৰিছ মিছে৷ অৰ্থাৎ বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰি অসমৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো প্ৰৱেশ কৰিছে এ আই প্ৰযুক্তিগত ৰবটে৷ এই সন্দৰ্ভত ৰয়েল গ্লবেলৰ গ্ৰুপ এণ্ড ষ্ট্ৰেটেজি বিভাগৰ সঞ্চালক উৎপল কাণ্ঠাই কয় যে ৰবটটোক কাৰিকৰীভাৱে এটা অসমীয়া ৰূপ দিবলৈ চেষ্টা কৰা হৈছে৷ তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমান এ আই মিছগৰাকীক সহযোগী শিক্ষক হিচাপে দায়িত্ব দিয়া হৈছে যদিও অনাগত সময়ত অধিক কৰিকৰীভাৱে সক্ষম কৰি এটা শ্ৰেণীৰ নিয়মীয়া পাঠদানৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ উল্লেখ্য যে অসমৰ দৰে এখন ৰাজ্যত কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰবটে পাঠদান কৰিব স্থান দখল কৰিব বুলি কল্পনাও কৰিব নোৱৰা কথাটো এতিয়া বাস্তৱ হ’বলৈ গৈ আছে৷