বজাৰৰ পৰা মাছ কাটি অনাৰ পাছত ঘৰত ভালদৰে পৰিষ্কাৰ পানীৰে চাফা কৰি তাত হালধি আৰু নিমখ মিহলাই দি কিছু সময় ৰখা হয়৷ এই কামটো সকলো ৰান্ধনীয়ে কৰে৷ অৰ্থাৎ মাছ ভালদৰে ধুই পাছত তাত হালধি-নিমখ ছটিয়াই ভাজি লয়৷ আন কিছুমানে আকৌ এইদৰে মাছত নিমখ-হালধি সানি সংৰক্ষণ কৰিও ৰাখে৷ কি এনে কৰে বাৰু৷ কিছুমানে কয় মাছৰ সোৱাদ বৃদ্ধিৰ বাবে এই পদ্ধতি গ্ৰহণ কৰে৷ এইটো অৱশ্য একমাত্ৰ কাৰণ নহয়৷ আচলতে ইয়াৰ কাৰণ কি জানো আহক৷
মাছ ৰন্ধাৰ আগেয়ে হালধি-নিমখ মিহলোৱা প্ৰথাটো প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ আহিছে৷ ইয়াৰ বৈজ্ঞানিক কাৰণ অথবা আয়ুবেৰ্দিক সম্পৰ্ক আছে৷ মাছ ৰন্ধাৰ ক্ষেত্ৰত যেনেকৈ নিমখ বা হালধি অপৰিহাৰ্য, ঠিক একেদৰে আয়ুৰ্বেদতো এই দুই উপাদান গুৰুত্বপূৰ্ণ৷ ইয়াৰ লগতে এই দুই উপাদান বিনে ৰন্ধন প্ৰকৰণ সম্ভৱ নহয় আৰু এই দুই উপাদানে শৰীৰৰ নানা উপকাৰো কৰে৷ আনহাতে বহুতেই ধাৰণা কৰি লয় যে ৰন্ধাৰ বাবে ৰখা মাছত হালধি দিয়া হয়, একমাত্ৰ ৰংটোৰ বাবে৷ সেইটো মুঠেও গ্ৰহণযোগ্য নহয়৷ কিয়নো হালধিৰ আছে বহুতো স্বাস্থ্য উপকাৰী গুণ, যি আমাৰ শৰীৰৰ বাবে এইত আৱশ্যক৷ ৰন্ধাৰ আগতে বহুতেই মাছৰ লগতে আন চবজিতো হালধি মিহলাই দিয়ে৷ আচলতে ৰন্ধাৰ আগতে হালধি মিহলাই ল’লে কম তেলতে ভাজিব পাৰি৷ আনহাতে কেঁচা মাছত হালধি মিহলাই ল’লে দীৰ্ঘসময়ৰ বাবে সতেজ কৰি ৰাখিব পাৰি৷ সেয়ে ৰন্ধাৰ আগতে মাছত হালধি মিহলাই লোৱা হয়৷ আনহাতে মাছৰ দীৰ্ঘদিন নষ্ট নোহোৱাকৈ ভালে ৰাখিবলৈ হালধি মিহলাই থ’ব পাৰে৷ এইদৰে ফ্ৰীজৰ বাহিৰত ৰাখিলে মাছটো নষ্ট নোহোৱাকৈ থাকিব৷ হালধিৰ গুণাগুণৰ কাৰণে মাছখিনি সতেজ হৈ থকাৰ লগতে হালধিয়ে বিভিন্ন ধৰণৰ জীৱাণুৰ বংশ বিস্তাৰ প্ৰতিৰোধ কৰিব পাৰে৷ যাৰ ফলত মাছখিনি নষ্ট নোহোৱাকৈ থাকে৷ মাছৰ হালধি মিহলোৱাৰ আৰু এট কাৰণ হ’ল হালধিত এণ্টিবেক্টিৰিয়লে উপাদান পোৱা যায়৷ কেঁচা মাছত কোনো ধৰণৰ জীৱাণু থাকিলে হালধিৰ সংস্পৰ্শলৈ আহিলে এইধৰণৰ জীৱাণু নষ্ট হৈ যায়৷ এই মাছ খোৱাৰ ফলত শৰীৰৰ কোনো ধৰণৰ সংক্ৰমণ হোৱাৰ আশংকা নাথাকে৷ একেদৰে নিমখৰো মাছ সতেজ কৰি ৰখাত যথেষ্ট ভূমিকা আছে৷ সেয়ে মাছ ৰন্ধাৰ আগতে নিমখ-হালধি সনা হয়৷