কৌস্তুভৰ জীৱনৰ আজি এটা শুভ দিন : সি মাক-দেউতাক-ভনীয়েক আৰু দুজন বন্ধুৰ সৈতে নগাঁৱলৈ ছোৱালী চাবলৈ যাব। ৰাতিপুৱাৰে পৰা ঘৰখনত উখল্-মাখল্ পৰিৱেশ। দুই বন্ধু ৰাহুল আৰু মিনাংক পুৱা ৯ বজাতেই কৌস্তুভহঁতৰ ঘৰ আহি পালে। গুৱাহাটীৰ পৰা নগাঁৱলৈ গাড়ীৰে গ'লে দুই-আঢ়ৈ ঘণ্টা লাগিব। গতিকে তেওঁলোকে ১০ বজাত ওলাই যোৱাৰ সিদ্ধান্ত লৈছে। পিছে ৰাহুল আৰু মিনাংক আহি পোৱাৰ পাছতেই ঘটিল অঘটনটো।
আচলতে কৌস্তুভে ৰাহুল আৰু মিনাংকক আনিবলৈ দিছিল ৩০ ইঞ্চি জোখৰ জিন্স পেণ্ট এটা, কিন্তু ভুলবসতঃ সিহঁতে আনিলে ৩৪ ইঞ্চি জোখৰ জিন্স পেণ্ট। আটাইবোৰ পেণ্ট লেতেৰা হৈ আছে বাবে কৌস্তুভে নতুন পেণ্টটোৰ ওপৰতেই ভৰসা কৰি আছিল। পিছে তাৰ সেই আশাতো চেঁচা পানী পৰিল---যেন বিনা মেঘে বজ্ৰপাত!
তিনিওটাই তেতিয়া কৌস্তুভৰ ৰুমত। ৰাহুলে কৌস্তুভক ধৈৰ্য ধৰিবলৈ ক'লে আৰু এটা উপায় উলিয়ালে।
ৰাহুলে সুধিলে--- "তোৰ জাঙিয়া কেইটামান আছে কৌস্তুভ ?"
"কিয় ?"
"আৰে ক-না! কেইটা আছে ?"
"আছে পাঁচটামান।"
ৰাহুলে উৎসুকতাৰে ক'লে--- "উলিয়াই আনচোন।"
কৌস্তুভে ধুই থোৱা জাঙিয়া চাৰিটা উলিয়াই আনিলে।
ৰাহুলে অভিজ্ঞ লোকৰ দৰে পৰামৰ্শ দিলে--- "পিন্ধচোন দুটা!"
কৌস্তুভে বিদ্ৰোহ কৰি উঠিল--- "কি কথা ক'বলৈ আহিছ! এই গৰমত--- ?"
"এ পিন্ধচোন! সদ্যহতে সমস্যাটো সমাধান কৰিবলৈ খুজিছোঁ।"
মিনাংকই ফিচিক্-ফাচাককৈ হাঁহি থাকিল।
কৌস্তুভে অনিচ্ছাসত্ত্বেও পিন্ধি থকা জাঙিয়াটোৰ ওপৰত আৰু দুটা জাঙিয়া পিন্ধিলে। তাৰপাছত নতুনকৈ অনা জিন্স পেণ্টটো পিন্ধিলে। পিছে এতিয়াও "মধুপুৰ বহু দূৰ"!
ৰাহুলে এইবাৰ পৰম আত্মবিশ্বাসেৰে বুকু ফিন্দাই ক'লে--- "পেণ্ট খোল আৰু বাকী জাঙিয়া দুটাও পিন্ধ।"
কৌস্তুভ উচপ খাই উঠিল। সি চকুৱেদি যেন একপ্ৰকাৰ সৰিয়হফুল দেখি গ'ল। বুকুখন তাৰ ধপ্ ধপাবলৈ ধৰিলে। সি ভয়ে ভয়ে বাকী জাঙিয়া দুটা পিন্ধি হাতত সাৰে ভৰিত সাৰে জিন্স পেণ্টটো পিন্ধিলে। পিছে পেণ্টে ফিট্ হোৱাৰ নামেই নলয় আজি!। ইফালে বাহিৰত আটায়ে---কিয় ইমান দেৰি হৈছে---হুলস্থূল লগাইছে। কৌস্তুভ বোপাৰ অৱস্থা এনেকুৱা পৰ্যায় পাইছেগৈ যে অলপ পাছতেই যেন সি চিঞৰি চিঞৰি কান্দি দিব! অচিনাকি কিবা এটাই যেন তাক হেঁচা মাৰি ধৰিছেহি; সৰ্বশৰীৰ চেপি ধৰিছেহি। তাৰ উশাহটো ঘনে ঘনে ছুটি হৈ আহিছে। এই গেলা গৰমত পাঁচটা জাঙিয়াৰ ওপৰত জিন্স পেণ্ট! কৌস্তুভৰ নিজকে পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া মানুহজন যেন লাগিল। তাৰ মুখখন ৰঙা পৰি গ'ল।
পিছে ই ৰাহুল কিন্তু সহজে হাৰ মনা বিধৰ মানুহ নহয় দেই! সি সদায় বিশ্বাস কৰে--- 'আশাৰ ওচৰত ভাগ্যও পৰাজিত হয়'।
ৰাহুলে কৌস্তুভক সান্ত্বনা দিলে--- "শুন দৌস্ত! ধৈৰ্য নেহেৰুৱাবি। আশা কেতিয়াও এৰি নিদিবি। আশা আছে বাবেইতো পৃথিৱীখন ইমান ধুনীয়া। বাকী তোৰ কইনাজনীতো ধুনীয়া হয়েই! ধুনীয়া কইনা পাবলৈ হ'লে ধৈৰ্যও থাকিব লাগিব অসীম। এক মিনিট ৰ।"
ৰাহুল তৎক্ষণাৎ ৰুমটোৰ পৰা ওলাই গ'ল। বাহিৰত সকলোৱে সিহঁতৰ বাবে অপেক্ষা কৰি আছে। কৌস্তুভৰ দেউতাকে ৰাহুলক অকণমান টান সুৰতেই ক'লে--- "কি হে ৰাহুল! ইমান দেৰি কৰি আছা যে তোমালোকে ?"
"খুৰা, এইফালে আহকচোন, কথা এটা আছে।"
ৰাহুলে কৌস্তুভৰ দেউতাকক আছুতীয়াকৈ মাতি নি সমস্যাটোৰ কথা ক'লে আৰু অনুৰোধ কৰিলে--- "খুৰা বেয়া নেপায় যদি আপোনাৰ আণ্ডাৰপেণ্ট এটা দিয়কচোন। যদি সৰহকৈ আছে দুটাই দিয়ক।"
কৌস্তুভৰ দেউতাকে গেঙেৰি মাৰি উঠিল--- "কি কথা ক'বলৈ আহিছা হে ?"
"খুৰা, খং নকৰিবচোন, প্লিজ। আপোনাৰ আণ্ডাৰপেণ্টেই এতিয়া শেষ ভৰসা।"
"এটাহে দিব পাৰিম। মোৰ পেণ্টটোও ডাঙৰ বাবে ময়ো এতিয়া তিনিটা আণ্ডাৰ পেণ্ট পিন্ধি আছোঁ। ৰ'বা, দি আছোঁ।"
ইতিমধ্যে ঘৰৰ সকলোৱে অবাঞ্ছিত ঘটনাটোৰ উমান পালে। ৰাহুলে কৌস্তুভৰ দেউতাকৰ আণ্ডাৰ পেণ্টটো হাতত লৈ হাতত সাৰে ভৰিত সাৰে ৰাহুলৰ কোঠাটোলৈ সোমাই গ'ল। সি অনুভৱ কৰিলে--- সেই গেলা গৰমতো ক'ৰবাৰ পৰা এছাটি মৃদু বতাহে যেন তাক আৰু একে সময়তেই কৌস্তুভৰ দেউতাকৰ আণ্ডাৰ পেণ্টটোত স্পৰ্শ কৰিলেহি। বতাহৰ খুন্দাত ঘামি প্ৰায় তিতি থকা আণ্ডাৰ পেণ্টটোৰ পৰা যিটো গোন্ধ ৰাহুলৰ নাকত এইমাত্ৰ লাগিলহি, সেই গোন্ধটো ৰাহুলৰ বাবে একেবাৰেই অচিনাকি আছিল।
সি যি কি নহওক, দেউতাকৰ আণ্ডাৰ পেণ্টেও কিন্তু কৌস্তুভক ৰক্ষা কৰিব নোৱাৰিলে। কৌস্তুভৰ দুচকুৰে চকু পানী ওলাওঁ ওলাওঁ কৰিলে। ৰাহুল কিন্তু সহজে হাৰি নাযায়! এই যে আমি সাংঘাতিক সমস্যাৰ পাছতো হাৰি নাযাওঁ, সেই অহংকাৰ মানুহৰ থকা উচিত--- ৰাহুলৰ আছে।
কৌস্তুভৰ ভনীয়েক প্ৰিয়ংকাৰ সৈতে যে ৰাহুলৰ হিয়া দিয়া নিয়া আছে, সেই কথা ঈশ্বৰৰ বাহিৰে এই জগতৰ কোনো এটা প্ৰাণীয়েই নাজানে। যি কি নহওক, ৰাহুল কোঠাটোৰ পৰা ওলাই চুচুক-চামাককৈ প্ৰিয়ংকা থকাৰ দিশে আগবাঢ়ি অকণমান দূৰৰ পৰাই সি ক'লে--- "প্ৰিয়ংকা শুনচোন---"
প্ৰিয়ংকাই ভেকাহি মাৰি উঠিল--- "একো শুনিবলৈ নাই!"
তাই তৎক্ষণাৎ আঁতৰি গ'ল।
জীৱনত কেতিয়াও হাৰি নোযোৱা ৰাহুলৰ আজি---ঠিক এই মুহূৰ্তত--কোনোবাখিনিত হাৰি যোৱা যেন লাগিল তাৰ! নাই নাই! হাৰি গ'লে নহ'ব। জীৱন কেৱল জয়ৰ বাবে। সমস্যাৰ মুখামুখি হৈ বীৰৰ দৰে যুদ্ধ কৰাটোৱেই হৈছে মানুহৰ ধৰ্ম! বিজুলী বেগেৰে তাৰ মনলৈ এটা চিন্তা আহিল--- তাৰ আৰু মিনাংকৰ জাঙিয়া দুটাৰেওচোন এই সমস্যাৰ শেষ সমাধানসূত্ৰ এটা উলিয়াব পাৰি। সি ভাবিলে-- বন্ধুৰ বাবে পিন্ধি থকা জাঙিয়া দান! ধুৰ! জীৱন দান দিবলৈ প্ৰস্তুত আছোঁ মই!
ৰাহুলে মিনাংকক মনাবলৈ বুলি একপ্ৰকাৰ দৌৰি যোৱাদি কৌস্তুভৰ কোঠাটোলৈ সোমাই গ'ল।
--অশোক কুমাৰ নাথ।