দীৰ্ঘ সময় ধৰি চাইকেল চলালে যৌনশক্তিৰ ক্ষতি হয়৷ আচৰিত হ’লেও এই কথা সত্য৷ কিয়নো দীৰ্ঘকাল চাইকেল চলোৱাৰ ফলত তলপেটৰ আশে-পাশে ব্যথা হ’ব পাৰে৷ বিশেষকৈ পুৰুষসকলৰ ক্ষেত্ৰত চাইকেল চলালে যৌনাংগত অধিক চাপ পৰে৷ বহুদিন ধৰি এই দাবী কৰি অহা হৈছে যে চাইকেল চলালে যৌনাংগত চাপ পৰাৰ ফলত তেজ জমা হ’ব পাৰে৷ সেয়েহে এই অংশৰ ক্ষতি হোৱাৰ আশংকা বেছি থাকে৷ সেয়ে দেখা যায় যে বহুতেই দীৰ্ঘ সময় চাইকেল চলোৱা এৰিয়েই দিয়ে৷ সম্প্ৰতি এই বিষয়টোক লৈ ইউৰ’লজি জাৰ্নালৰ এটা গৱেষণাপত্ৰত কিছু তথ্য প্ৰকাশিত হৈছে৷ ২৭১৪জন চাইক্লিষ্ট, ৫৩৯জন সাঁতোৰবিদ আৰু ৭৮৯জন এথলীটক লৈ যৌন স্বাস্থ্য সম্পৰ্কে গৱেষণা কৰা হয়৷ দেখা গৈছে যে যিসকলে নিয়মিত চাইকেল চলায়, তেওঁলোকৰ অন্যসকলতকৈ যৌন স্বাস্থ্যৰ বিকাৰ অধিক বেছি৷ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ এদল গৱেষকে চাইকেল চলালে শৰীৰত কি প্ৰভাৱ পৰে, তাক লৈ গৱেষণা চলাইছিল৷ দলটোৱে উল্লেখ কৰা মতে, যিসকলে নিয়মিত চাইকেল চলায়, তেওঁলোকৰ হাড়ৰ গঠন মজবুত হয়, তেজৰ সঞ্চালন উন্নত হয়, হাঁওফাঁওৰ ক্ষমতা বৃদ্ধি হয় যদিও পুৰুষৰ যৌন স্বাস্থ্যৰ কিছু অসুবিধা হোৱাৰ কথা উল্লেখ কৰে৷