ফ্ৰীজৰ ঠাণ্ডা পানী খালে ওজন বাঢ়ে নেকি ?

0
115

পানী হ’ল জীৱৰ প্ৰাণ৷ এই বিশ্বব্ৰহ্মাণ্ডত সকলো বস্তু থাকিলেও যদি পানী নাথাকে তেন্তে জীৱ জীয়াই থকাটো সম্ভৱপৰ নহয়৷ অৰ্থাৎ পানীয়েহে জীৱন লালন পালনত অন্যতম সম্পদ৷ সাধাৰণতে পানী দুই ধৰণে সেৱন কৰা হয় গৰম কৰি অথবা ঠাণ্ডা পানী৷ এতিয়া উৎকট গৰমত ক’ৰবাৰ পৰা ঘৰ সোমাইয়ে চিধাই ফ্ৰীজ পানী ঘটঘটকৈ পিহে পিয়াহ নিবাৰণ কৰা হয়৷ ফ্ৰীজত থোৱা ঠাণ্ডা পানীখিনিয়েহে যেন গৰমৰ পৰা সকাহ দিয়ে৷ আনহাতে বিভিন্ন মাধ্যমত শুনা যায় যে গৰমৰ পানী সেৱনৰ ফলত শৰীৰৰ মেদ হ্ৰাস পোৱাৰ লগতে ফ্ৰীজৰ ঠাণ্ডা পানীয়ে শৰীৰৰ ওজন বৃদ্ধিত অৰিহণা যোগায়৷ আচলতে কথাটো কিমান দূৰ সত্য তাক জানিবলৈ বহুতৰে মন যায় নিশ্চয়৷ মূল কথাটো হ’ল পানী খোৱাৰ লগত ওজন বৃদ্ধিৰ কোনো সম্পৰ্ক নাই৷ বৰং বৰফ মিশ্ৰিত পানী সেৱন কৰিলে শৰীৰৰ ওজন কমোৱাতহে সহায় কৰে৷ যিকোনো ধৰণৰ ছ’ডা বা আন উপাদান মিশ্ৰিত পানীতকৈ সাধাৰণ পানী সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে যথেষ্ট উপকাৰী৷ এই ক্ষেত্ৰত অৱশ্যে এটা কথা মন দিয়া ভাল যে প্ৰখৰ ৰ’দত বাহিৰৰ পৰা ঘৰ সোমাওঁতে আহিয়েই কেতিয়াও ফ্ৰীজৰ পানী সেৱন কৰা উচিত নহয়৷ বিশেষজ্ঞই জনোৱা মতে গৰমত ঘৰ সোমাওঁতে কিছু সময়ত আৰাম বা জিৰণি লৈয়ে পাছত পানী পান কৰা উচিত৷ এনে নকৰিলে প্ৰখৰ ৰ’দত আহিলেই ফ্ৰীজৰ থোৱা ঠাণ্ডা পানী সেৱন কৰিলে তাপমাত্ৰাৰ দ্ৰুত উত্থান-পতনৰ ফলত চৰ্দি, কাহ বা মূৰৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ আনহাতে যিসকলৰ দাঁতৰ সমস্যা আছে, তেওঁলোকৰ ক্ষেত্ৰত ঠাণ্ডা পানী সহ্য কৰিব নোৱাৰি বেছিকৈ দাঁতৰ বিষ হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে মনত ৰখা ভাল যে প্ৰখৰ ৰ’দত ঘৰলৈ আহিয়েই লগে লগে ফ্ৰীজৰ ঠাণ্ডা পানী সেৱন কৰা উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here