অসম্ভৱ যদিও বাস্তৱ অদৃশ্য হোৱাৰ পোছাক আৱিষ্কাৰ

0
94

ল’ৰালি কালত লুকাচুৰি খেলাৰ সময়ত অদৃশ্য তথা লুকাই থাকি বহুসময় ধৰি নোহোৱা হোৱাৰ অভিজ্ঞতা বহুতৰে আছে৷ যিকোনো ঠাই, ঘৰৰ কোণ, কিবা বস্তুৰে গাটো ঢাকি ৰাখি লুকাই থাকি লগৰবোৰক পয়মাল কৰাৰ কি যে আনন্দ সেয়া কৰোতাজনেহে বুজে৷ এনে খেল খেলিবলৈ এৰাৰ পাছতো হয়তো মাজে মাজে বহুতৰে মনলৈ আহে বাস্তৱতাৰ পৰা নিজকে লুকুৱাই ৰখাৰ ইচ্ছা জাগে৷ আপুনি মনতে এবাৰ ভাবকচোন যেন এয়া বাস্তৱতে যদি এবাৰ সুযোগ পালেহয় কোনো বিশেষ এযোৰ পোছাক পিন্ধিলে আপুনি অদৃশ্য হৈ যাব পাৰে৷ বাস্তৱিকতে এয়া সম্ভৱ জানো৷ উত্তৰত ক’ব পৰা হৈছে যে অসম্ভৱ যেন লাগিলেও বাস্তৱত এতিয়া এয়া সম্ভৱ হৈ উঠিছে৷ এই অসম্ভৱকো সম্ভৱ কৰি তুলিছে চীনে৷ ভাৰতীয় সংবাদ মাধ্যম আনন্দবাজাৰৰ এক প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে৷ উক্ত প্ৰতিবেদনত কোৱা হৈছে যে অদৃশ্য হোৱাৰ প্ৰস্তাৱ পালে যিকোনোৱে হয়তো লুকাই দিব পাৰিব৷ উল্লেখ কৰিব পাৰি যে হেৰী পটাৰৰ বিখ্যাত ক্লক অব ইনভিজিবিলিটিক এবাৰ বাস্তৱত ৰূপান্তৰ কৰিলে চীনৰ এদল গৱেষকে৷ জানিব পৰা তথা মতে অদৃশ্য হোৱাৰ বাবে একধৰণৰ পোছাক আৱিষ্কাৰ কৰিছে চীনৰ গৱেষকে৷ তেওঁলোকে কোৱা মতে, আন পোছাকৰ লগত এই বিশেষভাৱে তৈয়াৰ কৰা পোছাকক পৃথক কৰি নোৱাৰি৷ কিন্তু এই পোছাক পৰিধান কৰাৰ পাছতে লোকজন অদৃশ্য হৈ পৰিব৷ অকল এনে নহয়, আৰ্টিফিটিয়েল ইণ্টিলিজেন্সযুক্ত ছিকিউৰিটি কেমেৰায়ো এই পোছাক পিন্ধা ব্যক্তিজনক চিনাক্ত কৰিব নোৱাৰিব৷ একপ্ৰকাৰ অদৃশ্য হৈ পৰিব লোকজন৷ নতুনকৈ আৱিষ্কাৰ কৰা এই পোছাকৰ নাম দিয়া হৈছে ইনভিছডিফেন্স৷ ই অনায়াসে কেমেৰাক ফাকি দিব পাৰে৷ ছাউথ চাইনা মৰ্নিং পোষ্টে জনোৱা মতে, এই পোছাক পিন্ধিলে দিনৰ ভাগত অদৃশ্য হৈ যাব আৰু ৰাতি আন্ধাৰত ইনফ্ৰায়েড কেমেৰাকো ফাকি দিবলৈ সম্ভৱ হ’ব৷ আৱিষ্কাৰকে কোৱা মতে গৱেষণাৰ দ্বাৰা সুস্পষ্ট ডিজাইন কৰিছে এই পোছাকত এলগৰিদম ব্যৱহাৰ কৰা হৈছে৷ ইয়াক কম্পিউটাৰৰ দৃষ্টিক অক্ষম কৰিব পাৰে৷ এই পোছাকৰ মূল্য ৭০ মাৰ্কিন ডলাৰ বুলি কোৱা হৈছে৷ গৱেষকে দাবী কৰা মতে এই পোছাক যুদ্ধক্ষেত্ৰত ব্যৱহাৰৰ বাবে অত্যন্ত উপযোগী৷ শক্ৰপক্ষৰ দৃষ্টিৰ পৰা বাচিবলৈ যথেষ্ট কাৰ্যকৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here