শৰীৰৰ এই বিশেষ অংগৰ মালিচে বঢ়ায় মুখৰ উজ্জ্বলতা

0
233

মুখৰ সতেজতা তথা উজ্জ্বলতা ঘূৰাই আনিবলৈ বিভিন্ন প্ৰসাধন মুখত ব্যৱহাৰ কৰা হয়৷ কিন্তু বজাৰত কিনিবলৈ পোৱা বহুতো কোম্পানীৰ প্ৰসাধনে বিভিন্ন সময়ত ছালখনৰ ক্ষতি কৰিব পাৰে৷ সেয়ে ছালখনৰ উজ্জ্বলতা অটুট ৰাখিবলৈ কোনোধৰণৰ প্ৰসাধন ব্যৱহাৰ নকৰাকৈয়ে এইধৰণে মাছাজ কৰক, শীঘ্ৰেই সুফল লাভ কৰিব৷ শৰীৰৰ এই বিশেষ অংগত মালিচ কৰিলে ছালৰ উজ্জ্বলতা বাঢ়ে৷ আপুনি হয়তো জানি আচৰিত হ’ব যে কাণ তথা ইয়াৰ লগত সংলগ্ন অঞ্চলত বিশেষভাৱে মালিচ কৰিলে ছালৰ ঔজ্জ্বল্য ঘূৰি আহে৷ আয়ুৰ্বেদ তথা প্ৰাচীন চিকিৎসা শাস্ত্ৰত এই পদ্ধতিত বেছ জনপ্ৰিয়৷ আনহাতে বিজ্ঞানে কোৱা মতে কাণৰ সৈতে শৰীৰৰ বিভিন্ন অংশৰ সংযোগ আছে৷ সেয়ে কাণৰ মালিচ কৰিলে শৰীৰৰ অভ্যন্তৰীণ সমন্বয় উন্নত হয়৷ ইয়াৰ কাৰণে ফেচিয়েল কৰাৰ সময়ত মুখৰ লগতে কাণৰ সংলগ্ন অঞ্চলত মাছাজ কৰিব লাগে৷ কাণৰ আশে-পাশে এনে কিছুমান প্ৰেছাৰ পইণ্ট আছে, যিবোৰ উজ্জীৱিত হ’লে ছালৰ কাৰণে ভাল আৰু ছালৰ সুস্বাস্থ্যৰ বাবে কাম কৰে৷ কাণৰ লতিৰ পিছফালে মাছাজ আৰম্ভ কৰিব পাৰে৷ হাতেৰে লাহে লাহে কাণৰ ওপৰফালে ধৰি মাছাজ কৰিব পাৰে৷ লতিটো হাতেৰে ভালদৰে ধৰি পিহি দিব পাৰে বা তলফালে লাহে লাহে টানি দিয়ে কাণৰ নাৰ্ভ সক্ৰিয় হৈ উঠে৷ এনে অৱস্থাত মুখত লগোৱা কোনো ফেচিয়েল অইল বা ক্ৰিম লৈও মাছাজ কৰিব পাৰে৷ সুকীয়াকৈ কাণৰ মাছাজ কৰাৰ সময় নাথাকিলে প্ৰতিদিনে মুখত ক্লিনজিং, টোনিং কৰাৰ সময়ত একেলগে কাণৰ মালিচ কৰিব পাৰে৷ এইদৰে এসপ্তাহমান কৰাৰ পাছতে ইয়াৰ সুফল আপুনি দেখিবলৈ পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here