ব্লাড ছুগাৰৰ লেভেল কিমান হ’লে আপুনি ছেভ

0
106

ডায়েবেটিছ ৰোগ বৰ্তমান  মহামাৰীৰ দৰে হৈ পৰিছে৷ গোটেই বিশ্বতে কোটি কোটি লোক ডায়েবেটিছত আক্ৰান্ত হৈয়ে আছে৷ আটাইতকৈ উদ্বেগজনক বিষয়টো হ’ল বৰ্তমান সময়ত বৃহৎসংখ্যক লোক প্ৰাক ডায়েবেটিছৰ চিকাৰ হৈছে৷ কিন্তু এই বিষয়টো লৈ এতিয়াও সজাগ তথা সচেতন হোৱা দেখা হোৱা নাই৷ এটা ৰিপ’ৰ্ট অনুসৰি ভাৰতত প্ৰায় দহ কোটি লোক ডায়েবেটিছ ৰোগী৷ আনহাতে ১৫ কোটি মানুহ প্ৰাক ডায়েবেটিছত আক্ৰান্ত৷ ইয়াৰ পাছতে বহু মানুহে এই ৰোগ সম্পৰ্কে সজাগ তথা সচেতন নহয়৷ চিকিৎসকৰ মতে এই ৰোগৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঘৰতে আপোনাৰ ৰক্ত শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰি আপুনি জানিব পাৰে আপোনাৰ দেহৰ ছুগাৰৰ মাত্ৰা স্বাভাৱিক নে বেছি৷ তদুপৰি বয়স অনুয়াযী ব্লাড ছুুগাৰৰ মাত্ৰা কিমান থাকিলে আপুনি সুৰক্ষিত তাকো জানিব পাৰে৷ বয়সৰ হিচাপ অনুয়াযী ছুগাৰৰ লেভেল ১৮ বছৰৰ পৰা বেছি বয়সৰ লোকৰ ব্লাড ছুগাৰৰ লেভেল খোৱাৰ এঘণ্টা বা দুঘণ্টাৰ পাছত ১৪০ mg/dl আৰু ফাষ্টিং ছুগাৰৰ ৯৯ mg/dl হোৱা উচিত৷ এই ক্ষেত্ৰত যিসকলৰ বয়স ৪০ৰ ওপৰত, তেওঁলোকে নিয়মিত হে’লথ চেকআপ কৰা উচিত৷ যিসকল ব্যক্তিৰ ৪০ ৰ পৰা ৫০ ৰ মাজত বয়স তথা ডায়েবেটিছ ৰোগী, তেওঁলোকৰ ক্ষেত্ৰত ফাষ্টিং ছুগাৰৰ লেভেল ৯০ ৰ পৰা ১৩০ mg/dl হোৱা ভাল৷ খোৱাৰ পাছত ১৪০ mg/dl ৰ কম তথা ডিনাৰৰ পাছত ১৫০ mg/dl হ’লে সঠিক বুলি মনা হয়৷ ইয়াৰ অন্যথা কিন্তু চিন্তাৰ কাৰণ হ’ব পাৰে৷ বয়স নিৰ্বিশেষে সাধাৰণতে এজন প্ৰাপ্তবয়স্ক মানুহৰ খালী পেটত ৰক্ত শৰ্কৰাৰ পৰিমাণ মোটামুটি ৬০ mg/dlৰ পৰা ১০০ mg/dl হোৱা উচিত৷ আনহাতে খোৱাৰ দুঘণ্টা পাছত ৰক্ত শৰ্কৰাৰ মাত্ৰা ১২০ mg/dlৰ পৰা ১৪০ mg/dl, ইয়াৰ মাজত থাকিলে স্বাভাৱিক হিচাপে গণ্য কৰা হয়৷ মনত ৰখা ভাল যে ডায়েবেটিছ কেৱলমাত্ৰ চিকিৎসাৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ ইয়াৰ অন্যথা চিৰস্থায়ীভাৱে নিৰাময় কৰা সম্ভৱ নহয়৷ এনে পৰিস্থিতিত ৰক্ত শৰ্কৰাৰ মাত্ৰা পৰ্যবেক্ষণত ৰখা আৰু সময়ে সময়ে ইয়াক পৰীক্ষা কৰাটো সকলোতকৈ গুৰুত্বপূৰ্ণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here