গা ধোৱাৰ সময়ত প্ৰস্ৰাৱৰ প্ৰৱণতা অহাটো স্বাস্থ্যকৰ হয়নে ?

0
179

গা ধোৱাৰ আগতে বহুতেই প্ৰস্ৰাৱ কৰি লৈহে গাত পানী ধালে৷ বহুতৰে আকৌ গা ধোৱাৰ সময়ত অৰ্থাৎ গা পানী পৰাৰ লগে লগে প্ৰস্ৰাৱৰ প্ৰৱণতা আহে আৰু প্ৰস্ৰাৱ কৰে৷ অৰ্থাৎ গা পানী পৰাৰ লগে লগে মূত্ৰ ত্যাগ কৰে৷ যিসকলে এই অভ্যাস আছে, তেওঁলোকে দুটা কৰ্ম একে সময়তে কৰে৷ কিন্তু আপুনি জানেনে এই অভ্যাস মুঠেও স্বাস্থ্যকৰ নহয়৷ গা ধোৱাৰ সময়ত মূত্ৰ ত্যাগ কৰাৰ ফল অতি বিপজ্জনক হ’ব পাৰে৷ সৰুকালৰ পৰাই আমাৰ এই অভ্যাসে গঢ় লৈ উঠে৷ গা ধোৱাৰ সময়ত গাত পানী পৰিলেই এইসকল লোকৰ প্ৰস্ৰাৱৰ বেগ বাঢ়ি আহে৷ কিন্তু এই অভ্যাস ত্যাগ কৰা উচিত৷ নাৰী বা পুৰুষ উভয়ৰে এই সমস্যা হ’ব পাৰে৷ আনহাতে এই অভ্যাস থকা পুৰুষ অথবা মহিলাৰ বিপদো সুকীয়া ধৰণৰ হয়৷ জানো আহক এই কুঅভ্যাসৰ ফলত কি হ’ব পাৰে৷
স্নানৰ সময়ত প্ৰস্ৰাৱ কৰাটো মহিলাৰ কাৰণে ক্ষতিকৰ৷ কিয়নো এই সময়ত প্ৰস্ৰাৱ কৰাৰ চেষ্টা কৰিলে মূত্ৰাশয় সম্পূৰ্ণ খালী নহয়৷ ইয়াৰ ফলত পেলভিক পেশীত বেছি চাপ পৰে, যাৰ বাবে এই পেশী লাহে লাহে দুৰ্বল হৈ যায়৷ অকল এইটোৱে নহয় আৰু বিভিন্ন সমস্যাই দেখা দিব পাৰে স্নানৰ সময়ত মূত্ৰ ত্যাগ কৰিলে৷ গা ধোৱাৰ সময়ত এই অভ্যাস থকা লোকসকলে যেতিয়া পানীৰ শব্দৰ সৈতে প্ৰস্ৰাৱ কৰে, তেতিয়া ই এটা অভ্যাসলৈ ৰূপান্তৰিত হয়৷ তেনে ক্ষেত্ৰত পানীৰ শব্দ পালেই মূত্ৰাশয় সংকুচিত হয়৷ আৰু এই কাৰণে এই অভ্যাস থকাসকলৰ পানীৰ শব্দ শুনিলেই যেতিয়াই তেতিয়াই প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতা আহে৷ এইটো এটা অস্বস্তিৰ কাৰণো হৈ যায়৷ বিশেষজ্ঞই কোৱা মতে এই অভ্যাসে পুৰুষৰ ক্ষেত্ৰত পেলভিক ফ্লোৰ ডিছফাংশনৰ কাৰণ হ’ব পাৰে৷ এইধৰণৰ লোকৰ কোনো শব্দ শুনিলেই প্ৰস্ৰাৱ আহি যাব পাৰে৷ সেয়ে মূত্ৰত্যাগ আৰু দা ধোৱাৰ সময় বেলেগ হোৱা ভাল৷ আনহাতে এই অভ্যাসে মূত্ৰথলিৰ সংক্ৰমণ বা ইউটিআইৰ আশংকা বঢ়াই দিব পাৰে৷ কোনোবা যদি মূত্ৰথলিত সংক্ৰমণ ব্যক্তিয়ে পাবলিক টয়লেট ব্যৱহাৰ কৰে, তেনেহ’লে সেই স্থানত মূত্ৰত্যাগৰ অভ্যাস ত্যাগ কৰাই উচিত কিয়নো তেনে ব্যক্তিৰ প্ৰস্ৰাৱৰ জীৱাণু বাথৰূমত থাকিব পাৰে আৰু আনলৈ বিয়পিব পাৰে৷ সেয়ে গা ধোৱাৰ সময়ত সকলোৱে সতৰ্কতা অৱলম্বন কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here