ওঁঠৰ ৰং সলনিৰ আঁৰত থাকিব পাৰে বিপদাশংকা

0
109

গুলপীয়া ওঁঠযুৰি মানুহৰ জীৱনৰ এটা সৌন্দৰ্যৰ প্ৰতীক৷ ওঁঠৰ সৌন্দৰ্যতাই মানুহজনক দেখিবলৈ ধুনীয়া তথা সুন্দৰ কৰি তোলে৷ সেয়ে ওঁঠযোৰৰ যত্ন তথা ইয়াৰ প্ৰতি সচেতন হোৱা দৰকাৰ৷ কিন্তু বেছিভাগেই ওঁঠযোৰৰ প্ৰতি উপযুক্ত যত্ন লোৱা পৰিলক্ষিত নহয়৷ আনহাতে ওঁঠৰ ৰঙৰ ওপৰতো ইয়াৰ সুন্দৰতা তথা সুস্থতা নিৰ্ভৰ কৰে৷ ওঁঠৰ ৰং সলনি হোৱা তথা ইয়াৰ উজ্জ্বলতা কমি যোৱাটো বিপদৰ কাৰণ হ’ব পাৰে৷ অৰ্থাৎ ওঁঠৰ ৰঙৰ ওপৰত ভিত্তি কৰি লুকাই থাকিব পাৰে বিপদৰ আশংকা৷ বহুতেই এটা ধাৰণা কৰি লয় যে ওঁঁঠ ক’লা হৈ যোৱাৰ পাছত ধূমপান সেৱনেই মূল কাৰণ৷ নিকোটিন তথা বেনজোপাইৰিন ছালত মেলানিন উৎপাদন বঢ়াই দিয়ে৷ ইয়াৰ ফলত ওঁঠ দেখিবলৈ ক’লা হৈ পৰে৷ কিন্তু ওঁঠ ক’লা পৰাৰ এইটো প্ৰধান কাৰণ নহ’বও পাৰে৷ ওঁঠৰ কেঞ্চাৰ ৰোগ ওঁঠ ক’লা পৰাৰ অন্যতম কাৰণ হ’ব পাৰে৷ ওঁঠৰ কেঞ্চাৰৰ বাবে প্ৰধানতঃ দায়ী সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি৷ যিসকলে বাহিৰত কামৰ তাগিদাত বেছি সময় কটায়, তেওঁলোকৰ ওঁঠৰ কেঞ্চাৰ হোৱাৰ আশংকা বেছি থাকে৷ আনহাতে মাদকদ্ৰব্যৰ প্ৰতি আসক্তি থকাসকলৰ ক্ষেত্ৰতো এই প্ৰকাৰৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি৷ ওঁঠ ৰং সলনিৰ কি লক্ষণসমূহৰ পৰা সতৰ্ক হোৱা উচিত৷ দীৰ্ঘদিন ধৰি যদি ওঁঠত ৰঙা দাগ, ক্ষত, ফোহা তথা ফুলা ভাব হৈ থাকে৷ ওঁঠত বগা বা ৰঙা প্ৰলেপ, ওঁঠত হোৱা ৰক্তপাত বা বিষ, অনৱৰতে দাঁতৰ বিষ, ওঁঠৰ ৰং ঢেলা পৰা আদিবোৰ কৰ্কট ৰোগ লক্ষণ হ’ব পাৰে৷ ওঁঠত এইধৰণৰ লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here