এই পাঁচটা নিয়ম মানি লুকাই ৰাখক আপোনাৰ বয়স

0
130

জীৱনত আনৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ গৈ আমি নিজৰেই প্ৰতি খেয়াল ৰখাৰ কথা পাহৰি যাওঁ৷ ইয়াৰ ফলত কম বয়সতে শৰীৰৰ নানা ধৰণৰ ৰোগ-ব্যাধি তথা শাৰীৰিক সমস্যাই দেখা দিয়ে৷ ইয়াৰ উপৰি কম বয়সতে ছালখন বুঢ়া বয়সৰ লেখীয়া দেখি, ছালখন শোতোৰা মোতোৰা পৰিবলৈ ধৰেষ ছালৰ নিজস্ব সৌন্দৰ্য হেৰাই যায়৷ ইয়াৰ বাহিৰেও অস্বাস্থ্যকৰ খাদ্যই আমাৰ ছাল আৰু স্বাস্থ্য দুয়োটাহে বেয়া প্ৰভাৱ পেলায়৷ আমি জনা উচিত যে স্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলত শৰীৰ ভালে ৰখাৰ কাৰণে সকলোতকৈ বেছি প্ৰয়োজন হৈছে শৰীৰচৰ্চা কৰাটো৷ যিয়ে কিছু ক্ষেত্ৰত আমাৰ সময়ৰ অভাৱ তথা অলসতাৰ কাৰণে হৈ নুঠে৷ ইয়াৰ ফলত আমাৰ শৰীৰটো দুৰ্বল তথা ৰোগাক্ৰান্ত হয়েই, বয়সতো বেয়া প্ৰভাৱ পৰে৷ কম বয়সতো বুঢ়া যেন দেখি৷ এই সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অত্যধিক ব্যস্ততাৰ মাজতো নিজৰ ফালে খেলায় ৰখা অতি প্ৰয়োজন৷ জানো আহক নিয়মিতভৱে কিধৰণৰ নিয়ম পালন শৰীৰ সুস্থ তথা নিৰোগী কৰি ৰাখিব৷
পৰ্যাপ্ত মাত্ৰাত পানী সেৱন কৰা আমাৰ দেহ সুস্থ হৈ থকাৰ কাৰণে সকলোতকৈ বেছি প্ৰয়োজনীয় এটা অভ্যাস৷ এই কথাটো আমি সকলোৱে জানো যদিও এই সাধাৰণ অভ্যাসটোৰ ফালে নজৰ দিয়া উচিত৷ আনহাতে গৰমকালিতকৈ শীতকালি কম পৰিমাণ পানী খোৱাৰ প্ৰৱণতা কমি যায় যদিও সেই সময়ত কিন্তু শৰীৰৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত পানী সেৱন কৰাটো জৰুৰী৷
শৰীৰচৰ্চা মানে আপুনি জিমলৈ গৈ ঘামি-জামি কৰাটোকে নুবুজায়৷ আপুনি ঘৰতে থাকি কিছু সময়ৰ বাবে শৰীৰচৰ্চা কৰিব পাৰে৷ অলসতা দূৰ কৰি প্ৰতিদিনে অন্ততঃ আধা ঘণ্টা সময় শৰীৰচৰ্চা কৰাৰ অভ্যাস গঢ় দিয়ক৷ বয়স ধৰি ৰখাৰ বাবে এই অভ্যাসৰ তুলনা নাই৷ চিৰযৌৱন ধৰি ৰখাৰ একমাত্ৰ উপায় হ’ল নিয়মিতভাৱে শৰীৰচৰ্চা কৰাটো৷ ইয়ে আপোনাৰ বয়স বাঢ়িবাল নিদি লুকাই ৰাখিব৷
আনহাতে সুস্থ থাকিবৰ বাবে অন্যতম জৰুৰী অভ্যাস হ’ল পৰ্যাপ্ত মাত্ৰাত টোপনি যোৱা৷ নিৰ্দিষ্ট সময়ত টোপনি গ’লে শৰীৰে নতুনত্ব লাভ কৰে আৰু শৰীৰলৈ শক্তি বৃদ্ধি হৈ কাম কৰাৰ প্ৰতি উদ্যম বাঢ়ে৷ সেয়ে ৰাতি অন্ততঃ জ্জ-জ্জ্ব ঘণ্টা টোপনি মৰাৰ অভ্যাস কৰক৷
মানুহৰ মনত দুশ্চিন্তাই দেখা দিলে মানুহজনক ভিতৰত পৰাই শেষ কৰি পেলায়৷ কোনো কাম-বনতে মন নবহে, খাবলৈ নোৱাৰা হয়৷ এই দুশ্চিন্তাই শৰীৰত মাৰাত্মক ক্ষতিকৰ প্ৰভাৱ পেলাব পাৰে৷ আনহাতে দুশ্চিন্তাৰ কাৰণে আপোনাক কম বসয়তে বয়সিয়াল দেখায়৷ সেয়ে এই দুশ্চিন্তাক নিগলাই ৰখাৰ চেষ্টা কৰক৷ সদায় আনৰ লগত হাঁহি-ধেমালি, আনন্দ-স্ফূতিৰে সময় পাৰ কৰাৰ যত্ন কৰক৷ মনলৈ অহাৰ দুশ্চিন্তাক কেতিয়াও প্ৰশ্ৰয় নিদিব৷ নিয়মিত ধ্যান, প্ৰাণায়াম, ধৰ্মীয় প্ৰাৰ্থনা আদি কৰাৰ অভ্যাস কৰিলে ই আপোনাআপুনি আঁতৰি যাব৷
সদায় পুষ্টিকৰ খাদ্যহে গ্ৰহণ কৰক৷ খোৱাৰ মাধ্যমেৰে আমাৰ শৰীৰৰ শক্তি সঞ্চয় হয়৷ আনহাতে এনে কিছু খাদ্য আছে, যিবোৰ খালে আমাৰ অপকাৰ হ’ব পাৰে৷ গতিকে তেনে খাদ্য বৰ্জন কৰক৷ সেউজীয়া শাক-পাচলি, ফল-মূল, মাছ-কণী মাংস, গাখীৰ আদি খাদ্য তালিকাত ৰখাৰ যত্ন কৰিব৷ অতিৰিক্ত পৰিমাণে তেল-মছলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here