সুন্দৰবন উপকূলৰ জৈৱ-বৈচিত্ৰ্য ক্ৰমে বাঢ়িবলৈ লৈছে৷ সম্প্ৰতি ইয়াৰ এটা নদীত পোৱা গৈছে নতুন প্ৰজাতিৰ একধৰণৰ শামুক৷ ইয়াৰ উপৰি পশ্চিম বংগৰ সমুদ্ৰৰ উপকূলৱৰ্তী অঞ্চলত পোৱা গৈছে জাপান আৰু টাইৱানৰ মাছ৷ আনহাতে জপলজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ গৱেষকে এই ৰাজ্যৰ লাগোৱা সমুদ্ৰ উপকূলত সন্ধান পাইছে এক বিশেষ ধৰণৰ সামুদ্ৰিক প্ৰবাল, যাক ফিলিপাইন, ইণ্ডোনেছিয়াৰ লগতে দক্ষিণ পূব এছিয়াৰ উপকূলবোৰত পোৱা যায়৷ জুলজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ সুন্দৰবন আঞ্চলিক কাৰ্যালয়ে জনোৱা অনুসৰি প্ৰতিটো প্ৰাণী প্ৰথমবাৰৰ বাবে এই ৰাজ্যৰ উপকূলৱৰ্তী এলেকাত পোৱা গৈছে৷ সংস্থাৰ গৱেষকসকলে এই প্ৰাণীবোৰ সংৰক্ষণ কৰাৰ লগতে গৱেষণা কৰাৰ প্ৰস্তুতি চলাইছে৷ আনহাতে সুন্দৰবন আঞ্চলিক কাৰ্যালয়ৰ আধিকাৰিক জে এছ যোগেশ কুমাৰে জানিবলৈ দিয়ে যে এই সকলো প্ৰাণী ইয়াৰ আহতে ৰাজ্যখনত কেতিয়াও দেখা পোৱা নাছিল৷ এই প্ৰাণীবোৰে কিদৰে এই স্থানলৈ আহিল আৰু ইয়াৰ জবলায়ু তথা অন্যান্য পৰিৱেশৰ সৈতে খাপ খাবলৈ সক্ষম হ’বনে নাই, তাৰো অধ্যয়ন কৰি থকা হৈছে৷ আনহাতে সুন্দৰবন কতৃৰ্পক্ষই জনাইছে যে ইয়াত ১৭৭ প্ৰজাতিৰ শামুক আছে৷ আৰু শেহতীয়াকৈ ইয়াৰ নদীত এক নতুন প্ৰজাতিৰ সন্ধান পালে৷ জে এছ যোগেশ কুমাৰে জনাইছে যে ইয়াত এতিয়াও এনে কিছুমান ঠাই আছে, য’ত মানুহ যোৱা সম্ভৱপৰ নহয়৷ ইয়াৰ নদী, জলাশয়ত আদিত গৱেষণা কৰিলে আৰু বহুতো নতুন প্ৰজাতিৰ শামুক তথা আন প্ৰাণীৰ সন্ধান পোৱা যাব বুলিও তেওঁ উল্লেখ কৰে৷