টুথব্ৰাছৰ দৰে এই ফুলবিধ ইউৰিক ইনফেক্‌শ্যন, কাহ নিৰাময়ত মহৌষধ

0
364

আমাৰ চাৰিওফালে যিবোৰ গছ-বন দেখিবলৈ পোৱা যায়, ইয়াৰ বেছিভাগৰে আছে প্ৰচুৰ ঔষধি গুণ৷ এই গছ-গছনিৰ ডাল পাত শিপা আদি সকলো অংশই বিভিন্ন ৰোগ নিৰাময়ৰ বাবে আয়ুৰ্বেদ চিকিৎসাত ব্যৱহূত হয়৷ বিশেষকৈ ভাৰতৰ পাহাৰীয়া অঞ্চল তথা গ্ৰামাঞ্চলত এনে বহুতো দুৰ্লভ ঔষধি গুণেৰে ভৰপূৰ গছ পোৱা যায়, যি আমাৰ ৰোগ-ব্যাধি নিৰ্মূলৰ কাৰণে যথেষ্ট কাৰ্যকৰী৷ এনে এবিধ গছ হ’ল বটল ট্ৰি৷ বটল ট্ৰি সকলোৰে পৰিচিত নহ’লেও এই গছ আমাৰ কাৰণে অত্যন্ত উপকাৰী৷ এই ভেষজ গছডালৰ ফুলবোৰ দেখিবলৈ হুবহু টুথব্ৰাছৰ লেখীয়া৷ বটল ট্ৰিৰ এই অংশ ঔষ্‌ধ গুণেৰে ভৰা৷ কোৱা হয় ইউৰিন ইনফেকশ্যনত অত্যন্ত উপকাৰী এই ফুল৷ আনকি এলাৰ্জি ড্ৰিংক প্ৰস্তুত কৰা হয় এই গছৰ পৰা৷ তদুপৰি এই গছৰ ফুলৰ ৰসে কাহৰ পৰা তৎক্ষণাৎ সকাহ দিব পাৰে৷ সেয়ে আয়ুৰ্বেদত এই গছৰ সাংঘাতিক গুৰুত্ব আছে৷ কেৱল গ্ৰীষ্মকালতহে এই গছৰ ফুল ফুলে৷ কোষ্ঠকাঠিন্য নিৰাময়, হাপানি বিৰোধী হিচাপে বিভিন্ন উপকাৰ সাধন কৰে এই গছৰ ফুলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here