গৰমৰ দিনকেইটাত বহুতেই দুই বা তিনিবাৰলৈ গা ধোৱে৷ যাতে শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ পৰা পৰিত্ৰাণ পাব পাৰি৷ ঘামৰ কাৰণে শৰীৰত বেক্টেৰিয়া বাঢ়িব পাৰে৷ যাৰ ফলত ছালৰ বিভিন্ন সংক্ৰমণ তথা আন আন অসুবিধা হ’ব পাৰে৷ স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰতি ঋতুতে প্ৰতিদিনে চাবোন ঘঁহি ভালদৰে গা ধোৱাৰ পৰামৰ্শ দিয়ে৷ বিশেষকৈ গ্ৰীষ্মকালত শৰীৰৰ কিছুমান অংশ চাবোনেৰে ভালকৈ ঘঁহি গা ধোৱা উচিত৷ কিয়নো সেই বিশেষ অংগবোৰত সৰ্বাধিকসংখ্যক বেক্টেৰিয়া তথা জীৱাণুৱে বাস কৰে৷ এই জীৱাণুবোৰ চাবোনেৰে ভালদৰে পৰিষ্কাৰ নকৰিলে ছালৰ বিভিন্ন সংক্ৰমণ হ’ব পাৰে৷ বিশিষ্ট চৰ্মৰোগ বিশেষজ্ঞ ডাঃ যুগল ৰাজপুতে সকলো লোককে বিশেষকৈ গ্ৰীষ্মকালত চাবোনেৰে সঠিকভাৱে গা ধোৱাৰ পৰামৰ্শ দিছে৷ গোটেই শৰীৰটো ভালদৰে চাফা বা পৰিষ্কাৰকৈ ৰাখিলে বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰে৷ শৰীৰৰ ময়দা বা জীৱাণু দূৰ কৰাটো সঠিক স্বাস্থ্যৰক্ষাৰ অন্যতম উপায়৷ আনহাতে বিশেষজ্ঞই শৰীৰৰ কিছুমান অংশ পৰিষ্কাৰ বা চাফা কৰি ৰখাটো প্ৰয়োজন৷ গৰমৰ দিনত বাহুমূলৰ পৰা অত্যধিক ঘাম বাহিৰ হয়৷ যাৰ ফলত এই অংশত বেক্টেৰিয়াই বাস কৰিব পাৰে তথা এই অংশৰ পৰা অত্যন্ত ঘামৰ দুৰ্গন্ধ ওলাব পাৰে৷ এনে অৱস্থাত গা ধোৱাৰ সময়ত প্ৰত্যেকদিনে এই অংশ চাবোনেৰে ভালদৰে ঘঁহি পৰিষ্কাৰ কৰা উচিত৷ গোটেই দিনটো খোজকঢ়াৰ ফলত ভৰিত বিভিন্নধৰণৰ বীজাণু তথা বেক্টেৰিয়া আদি লাগি থাকিব পাৰে৷ গতিকে গা ধোৱাৰ সময়ত ভৰিখনক অৱহেলা নকৰি চাবোনেৰে ভালদৰে পৰিষ্কাৰকৈ ৰখা উচিত৷ অথবা খালী ভৰিৰে খোজকঢ়াটো উচিত নহয়৷ চিকিৎসকৰ মতে প্ৰতিদিনে গা ধোৱাৰ সময়ত নাভি পৰিষ্কাৰ বা চাফা কৰা উচিত৷ ইয়াত প্ৰচুৰ পৰিমাণে ময়লা জমা হৈ থাকে বাবে ৰোগৰ বীজাণু তথা বেক্টেৰিয়া থাকিব পাৰে৷ গতিকে উপেক্ষা নকৰি দৈনিক গা ধোৱাৰ সময়ত নাভিটো চাফা কৰক৷