জনপ্ৰিয়তাৰ শীৰ্ষত থকা পতঞ্জলিৰ কিছু সামগ্ৰী নিষিদ্ধ কৰিছে উত্তৰাখণ্ড চৰকাৰে৷ পতঞ্জলিক লৈ এইবাৰ কঠোৰ হৈছে উত্তৰাখণ্ড চৰকাৰ৷ বাবা ৰামদেৱৰ দিব্যা ফাৰ্মাচীৰ ১৪বিধ সামগ্ৰী ৰাজ্যখনৰ পৰা সম্পূৰ্ণ নিষিদ্ধ কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ উল্লেখ্য যে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত উচ্চতম ন্যায়ালয়ে ৰামদেৱ আৰু পতঞ্জলি আয়ুৰ্বেদৰ অধ্যক্ষ বালাকৃষ্ণক সমালোচনা কৰিছিল৷ ইয়াৰ পাছতে উত্তৰাখণ্ড চৰকাৰৰ ঔষধ নিয়ন্ত্ৰণ বিভাগৰ লাইচেন্স কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰে৷ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ কাৰণে এই সামগ্ৰীসমূহ নিষিদ্ধ ঘোষণা কৰে ৰাজ্যখনৰ চৰকাৰে৷ ঔষধ নিয়ন্ত্ৰণ বিভাগৰ লাইচেন্স কতৃৰ্পক্ষই নিষিদ্ধ ঘোষণা কৰা সামগ্ৰীসমূহৰ ভিতৰত পতঞ্জলি আই ড্ৰপো আছে৷ আন সামগ্ৰীসমূহ হ’ল শ্বাসাৰি গল্ড, শ্বাসাৰি বটি, দিৱ্যা ব্ৰনকম, শ্বাসাৰি প্ৰবাহী, শ্বাসাৰি অবলেহ, মুক্তা বটি এক্সট্ৰা পাৱাৰ, লিবামৃত এডভান্স, লিভোগ্ৰিট, মধুনাশিনী বটি এক্সট্ৰা পাৱাৰ, লিপিডম, বি পি গ্ৰিট, আই গ্ৰিট গল্ড৷ ঔষধ নিয়ন্ত্ৰণ বিভাগৰ লাইচেন্স কৰ্তৃপক্ষৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাৰ পৰা এই কথা জানিব পৰা গৈছে৷