হৰমনৰ ভাৰসাম্যহীনতা, আইৰনৰ অভাৱ, মিঠাজাতীয় খোৱাৰ আকাংক্ষা বৃদ্ধি আদি একাধিক সমস্যাই দেখা দিয়ে মহিলাৰ ঋতুকালীন সময়ত৷ পিৰিয়ডৰ সমস্যাত এনাৰ্জি লেভেল উঠা-নমা কৰে৷ ইয়াৰ কাৰণে পিৰিয়ডৰ সময়ত যথেষ্ট ভাগৰুৱা বা ক্লান্তিৰ ভাব দেখা যায় মহিলাসকলৰ ক্ষেত্ৰত৷ পিৰিয়ডৰ সময়ত শাৰীৰিক ক্লান্তি বা দুৰ্বলতা বাঢ়ি যায়৷ এই সমস্যা নিৰাময়ৰ বাবে ঋতুস্ৰাৱৰ দিনকেইটাত কিছুমান খাদ্য নিয়মিতভাৱে খোৱা অতি প্ৰয়োজন৷ পিৰিয়ডৰ সময়ত দেহত পুষ্টিৰ নাটনি হয়, দেহ অচল হৈ পৰে, ভাগৰুৱা অনুভৱ হয়৷ এই সময়ত কফি, চেনি, নিমখ বাদ দি ফল আৰু শাক-পাচলি, বাদাম আদি বেছি পৰিমাণে খোৱা ভাল৷ কফি বা এলকহলৰ পৰা দূৰত থাকক৷ শৰীৰক হাইড্ৰেট কৰি ৰখাৰ বাবে প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিব পাৰে৷ ইয়াৰ ফলত শাৰীৰিক দুৰ্বলতা কমি যাব৷ যোগ ব্যায়াম কৰিলে শাৰীৰিক প্ৰদাহ কমিব তথা ক্লান্তি নোহোৱা হৈ মনটো প্ৰফুল্লিত হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে৷ আনহাতে এই সময়ছোৱাত শাৰীৰিক দুৰ্বলতা নোহোৱা কৰিবলৈ ৰাতি গভীৰ টোপনিৰ ভীষণ দৰকাৰ৷ মনত ৰাখিব এনে অৱস্থাত অনিদ্ৰাৰ সমস্যা এৰাই চলিবলৈ সন্ধিয়া কফি সেৱন একেবাৰে নকৰিব৷ মানসিক চাপৰ পৰা মুক্ত থকাটো ঋতুস্ৰাৱৰ সময়ত অতি দৰকাৰী কথা৷ পিৰিয়ডৰ সময়ত সঘনাই মেজাজ পৰিৱৰ্তন হৈ থাকে৷ ইয়াৰ ফলতেই ডিপ্ৰেশ্যন বাঢ়ি যায়৷ সেয়ে এইবোৰ সমস্যা এৰাই চলিবলৈ চাপমুক্ত হৈ থকা প্ৰয়োজনীয়৷