মানুহৰ দাম্পত্য জীৱন অথবা বৈবাহিক জীৱন সুখী হ’লেও গোটেই জীৱনটো সাৰ্থক হয়৷ মানৱ ধৰ্ম অনুসৰি সামাজিকভাৱে মানুহে বিবাহ পাশত আবদ্ধ হয়৷ এই সময়ছোৱাই হৈছে মানুহৰ বংশবৃদ্ধি কৰিবলৈ বা নিজৰ পৰিচয় ধৰি ৰাখিবলৈ উপযুক্ত সময় তথা আৰম্ভণি৷ আপোনাৰ সুখ-দুখৰ সমভাগী হ’বলৈ, প্ৰতিটো সংকটত একেবাৰে ওচৰত থাকি দিহা-পৰামৰ্শ দি ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় উলিয়াবলৈ পত্নীজনৰ বাহিৰে আপোন আন হ’ব নোৱাৰে৷ এক কথাত আপোনাৰ একান্তই বিশ্বাসীজনেই হ’ল পত্নী তথা পতি৷ অৱশ্যে ইয়াৰ মাজতো কিছুমান ভুল বুজাবুজি তথা আন আন অসুবিধাৰ বাবে দাম্পত্য জীৱনত ফাট মেলে, যাৰ পৰিণতিত পতি-পত্নীৰ মাজত অন্তঃকলহে দেখা দিয়ে৷ এজনে সিজনক নমনা হয়৷ ফলত দুটা জীৱন ধবংসৰ গৰাহত পৰে৷ সেয়ে দাম্পত্য জীৱন মধুময় কৰি ৰাখিবলৈ বুজাপৰা, এৰাধৰা কৰাটো অতিকে প্ৰয়োজন৷ দাম্পত্য জীৱন সুখী তথা ইয়াক চিৰস্থায়ী কৰিবলৈ কিছু কথালৈ মন দিয়া আৱশ্যক৷
পুৰুষক জীৱন সংগী নিৰ্বাচন বা চিলেকশ্যন কৰাৰ ক্ষেত্ৰত নাৰীয়ে সদায় সচেতন হয়৷ যাতে পাছত তেওঁলোকে অনুশোচনা কৰিবলগীয়া নহয়৷ ইয়াৰ বাবে নাৰীয়ে তেওঁলোকৰ পাৰ্টনাৰৰ মাজত এইবোৰ গুণ আছে নে নাই, তালৈ খেয়াল ৰাখে৷ ইয়াৰ অন্যথা নাৰীয়ে সেই পুৰুষৰ সম্পৰ্ক থাকিবলৈ নিবিচাৰে৷ জানিবলৈ চেষ্টা কৰোঁ আহক নাৰীয়ে কোনবোৰ গুণ এজন পুৰুষৰ মাজত থকাটো বিচাৰে বা পচন্দ কৰে৷ নাৰীয়ে সকলোতকৈ প্ৰথমে লক্ষ্য কৰে যে ল’ৰাজনে কথা-বতৰা কোৱাত কিবা সংকোচ অথবা দ্বিধাবোধ কৰিছে নেকি? খোলাকৈ বা সুনিৰ্দিষ্ট কথা নকৈ মনৰ ভিতৰতে কিবা লুকুৱাইছে নেকি এই দিশটোলৈ নাৰীয়ে প্ৰথমে মন দিয়ে৷ জানিব পৰা মতে সিকলে ল’ৰাই খুব কম কথা কয়, তেনেকুৱা স্বভাৱৰ ল’ৰাক ছোৱালীয়ে কমকৈ পচন্দ কৰে৷ ছোৱালীৰ সৈতে সদায় খোলামেলাকৈ বেছি কথা কোৱাটো তেওঁলোকে পচন্দ কৰে৷ সকলো সময়তে নাৰীৰ অনুভূতি বুজিবলৈ আপুনি চেষ্টা কৰক আৰু এটা কথালৈ বিশেষ ধ্যান দিয়াৰ প্ৰয়োজন৷ তেতিয়া সম্পৰ্কটো আৰু গভীৰ হয়৷ সলনি হোৱাৰ কথা আপুনি কেতিয়াও ছোৱালীক নক’ব, এনে কথা ছোৱালীয়ে ভাল নাপায় আৰু প্ৰিয়জনৰ পৰা এনেকুৱা কথা কোৱাটো নিবিচাৰে৷ তেওঁলোকক নিজৰ ইচ্ছাৰ বিৰুদ্ধে হকা-বধা কৰাটো উচিত নহয়৷ নিজৰ মতে চলিবলৈ দিয়ক, কেৱল শুদ্ধ ৰাস্তা, পথবোৰ বিচাৰি দিব অথবা পথপ্ৰদৰ্শক হিচাপে থিয় দিব পাৰে৷ মহিলাৰ প্ৰতি শ্ৰদ্ধা বজাই ৰখা, বা কেতিয়াও মহিলাৰ আত্মসন্মানত আঘাত নিদিয়াটো কিন্তু পুৰুষৰ ক্ষেত্ৰত প্ৰধান কৰ্তব্য৷ ইয়াৰ লগতে এটা সম্পৰ্কৰ মূল বস্তুটোৱে হৈছে বিশ্বাস৷ এজনৰ প্ৰতি সিজনৰ অগাধ বিশ্বাসে কেতিয়াও এটা সম্পৰ্কৰ মাজত বাধাৰ সৃষ্টি কৰিব নোৱাৰে৷ সেয়ে পৰম্পৰৰ মাজত বিশ্বাসঘাতকতা হ’বলৈ কেতিয়াও নিদিব৷