গোটেই বছৰে ৰং সলায় এই মৌচাকসদৃশ পাহাৰে

0
392


প্ৰকৃতিৰ ৰূপ-লাৱণ্য তথা সৌন্দৰ্য পাহাৰ-পৰ্বত, নদ-নদীয়ে বৃদ্ধি কৰে৷ এই পৰ্বত নদীসমূহৰ সৃষ্টিয়ে প্ৰকৃতিক সুধা পান কৰোৱায়৷ ইয়াৰ লগতে মানৱ সভ্যতাত এইবোৰৰ প্ৰয়োজনীতা যথেষ্ট৷ এই পাহাৰবোৰৰ অবিহনে পৃথিৱীখনে বাসোপযোগী ঠাই হিচাপে গ্ৰহণযোগ্যতা হেৰুৱাব৷ পৃথিৱীৰ এনে কিছুমান পাহাৰ আছে, যিসমূহ দেখিলে আপুনি অবাক হৈ পৰিব, মনটো পুলকিত হ’ব প্ৰকৃতিৰ এই সৌন্দৰ্যতা অনুভৱ কৰি৷ এনে এখন পাহাৰে মানুহৰ যিমানে হতবাক কৰে, সিমানে ইয়াৰ গৱেষকৰ বাবে অপৰিসীম গুৰুত্বপূৰ্ণও৷ কাৰণ এই পাহাৰখনে পৃথিৱীৰ বিৱৰ্তনৰ নানা সময়ত ঘটা ইতিবাচক ঘটনা জনাতো সহায় কৰে৷ সেয়ে গৱেষণাৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিলে ইয়াৰ ৰূপেই অনন্য হৈ পৰে৷ এই বিশেষ পাহাৰখনলৈ এপ্ৰিল মাহৰ পৰা নৱেম্বৰৰ মাজভাগলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে ঢাপলি মেলে ইয়াৰ বিশেষ সৌন্দৰ্য উপভোগ কৰাৰ অৰ্থে৷ মূলতঃ ছয় লাখ মাটিৰে আৱৰা এই পাহাৰখনৰ বিভিন্ন অংশ৷ অথচ প্ৰতিটো পাহাৰেই দেখাত একেধৰণৰ৷ এই পাহাৰবোৰ অতি উচ্চও নহয়৷ পাহাৰৰ অংশবোৰৰ হোটেই গাটোতে ডোৰাকাটা৷ এই আকৌ ডোৰাবোৰ ৰঙীন৷ ইয়াৰ প্ৰত্যেকখন পাহাৰ বেলে পাথৰেৰে তৈয়াৰী৷ এইবোৰত বিভিন্ন স্তৰ আছে৷ পাহাৰৰ এই স্তৰবোৰ সলনি হ’লে ইয়াৰ ৰঙো সলনি হয়৷ আনহাতে ঋতুৰ পৰিৱৰ্তনৰ লগে লগে এই পাহাৰবোৰেৰ ৰঙো সলনি হৈ থাকে৷ এই পাহাৰবোৰ ওপৰৰ পৰা যিমান দুৰ দেখা যায় এখন মৌচাক যেন ওলমি আছে, এনে দেখি, যাৰ গাত বৰণ ভিন্ন ৰঙেৰে আৱৰা আৰু এই ৰংবোৰ বৰ্ষাকালত যিধৰণৰ দেখি শীতকালত এই ৰং সলনি হৈ যায়৷ পশ্চিম অষ্টে˜লিয়াৰ কিম্বাৰলি অঞ্চলৰ এই বেংগল বেংগল ৰেঞ্জ গোটেই বিশ্বতে বিখ্যাত ইয়াৰ অপৰূপ ৰঙৰ বাবে৷ এই পাহাৰবোৰ ওপৰৰ পৰা দেখিলে ভাবিব ঠিক যেন ৰং-বিৰঙৰ মৌচাক এখনহে ওলমি আছে৷ অৱশ্যে এই পাহাৰবোৰ ভংগুৰ হোৱা বাবে সাধাৰণ মানুহৰ বিশেষভাৱে ইয়াত প্ৰৱেশৰ অনুমতি দিয়া নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here