এই বিশ্বত এনে কিছু জানিবলগীয়া কথা আছে, যি জানিলে সকলোৱে বিস্ময় হয় তথা আশ্চৰ্য প্ৰকাশ কৰে৷ যদি আপোনাক কোৱা হয় যে বিশ্বত এনে অথন দেশ আছে যিখন এদিনতে ঘূৰি শেষ কৰিব পাৰে৷ শুনিবলৈয়ে আচৰিত নহয় জানো৷ আচৰিত হ’লেও কিন্ত কথাটো একেবাৰে সত্য৷ অপৰূপ সুন্দৰ এই দেশখন৷ ইয়াত আছে আল্পছ পৰ্বতৰ সৌন্দৰ্য৷ চকুৰে মণিব পৰালৈকে কেৱল সেউজীয়া আৰু সেউজীয়া৷ প্ৰকৃতিয়ে যেন নিজকে হিয়া উজাৰি সজাইছে৷ ইয়াত আছে প্ৰাচীন শিলাৰে কেনোবা নিপুণ কাৰিকৰে নিৰ্মাণ কৰাৰ দৰে ইয়াৰ চাৰিও দিশ৷ যেন কোনোবা চিত্ৰশিল্পীয়ে অঁকা এখন নিখুঁত ছবিহে৷ সৰু দেশ হ’লেও কিন্তু ই পাইছে স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা৷ এই দেশৰ নিজস্ব সংস্কৃতি, ৰাজধানী, ইতিহাস তথা ইয়াত প্ৰচলিত মুদ্ৰাও নিজৰ সুকীয়াকৈ তৈয়াৰী৷ এই দেশখনে এদিনতে ইয়াৰ চাৰিওফালে ঘূৰি শেষ কৰিব পাৰি৷ বিশ্বৰ সকলোতকৈ সৰু ষষ্ঠখন দেশ হিচাপে বিবেচিত হৈছে এই দেশখন৷ এই দেশখনৰ নাম লিছটেনষ্টাইন৷ পশ্চিম আৰু দক্ষিণ ছুইজাৰলেণ্ড তথা পূব আৰু উত্তৰে অষ্ট্ৰিয়াৰ দিশে স্থলভাগ বিস্তৃত এই সৰু দেশখন৷ এই দেশৰ ৰাজধানীৰ নাম হৈছে ভাদুজ৷ ইয়াৰ সকলো মানুহে জাৰ্মান ভাষাত কথা কয়৷ অৰ্থাৎ মূল ভাষা জাৰ্মান৷ ই ইউৰোপৰ চতুৰ্থখন ক্ষুদ্ৰ দেশ৷ লিছটেনষ্টাইনৰ উত্তৰ প্ৰান্তৰ পৰা দক্ষিণ প্ৰান্ত মিলি মুঠ দৈৰ্ঘ্য ১৫ মাইল আৰু পূব প্ৰান্তৰ পৰা পশ্চিম প্ৰান্তলৈ আঢ়ৈ মাইল৷ দেশখনৰ জনসংখ্যা প্ৰায় ৪০ হাজাৰৰ ওচৰা-উচৰি৷ ছুইছ ফ্ৰাংক হ’ল এই দেশত প্ৰচলিত মুদ্ৰা৷ লিছটেনষ্টাইন দেশখনক ৰাইন নদীয়ে ছুইজাৰলেণ্ডৰ পৰা পৃথক কৰিছে৷ এই দেশখন সম্পূৰ্ণভাৱে প্ৰকৃতিৰ কোলাত অৱস্থিত৷ সেয়ে ইয়াৰ পৰিৱেশৰ মাদকতা উপভোগ কৰিবলৈ বহু পৰ্যটকে ভিৰ কৰে৷