প্ৰশান্ত মহাসাগৰৰ তলতপ্লেটবোৰৰ মাজত গভীৰ ফাট

0
900


পৃথিৱীৰ পৃষ্ঠভাগৰ তলত ভালেমান টেকট’নিক প্লেট আছে আৰু ইয়াৰ ওপৰত আছে বিভিন্ন মহাদেশ তথা সাগৰ-মহাসাগৰ৷ এই প্লেটবোৰৰ স্থানৰ সামান্য পৰিৱৰ্তন হ’লেই ভূমিকম্প হোৱাৰ লগতে বিভিন্ন স্থানত আগ্নেয়গিৰিৰ উদগিৰণো হয়৷ শেহতীয়াকৈ বিজ্ঞানীসকলে নিউজিলেণ্ড আৰু জাপানৰ মাজত প্ৰশান্ত মহাসাগৰৰ তলত মহাসাগৰীয় প্লেট ভাগি ফাট মেলিবলৈ ধৰিছে৷ উল্লেখ্য যে ইয়াৰ আগলৈকে বিজ্ঞানীসকলে মহাদেশীয় প্লেটসমূহৰ বিষয়েহে অধ্যয়ন কৰি আছিল, কিন্তু তেওঁলোকে প্ৰশান্ত মহাসাগৰীয় প্লেটক লৈ কৰা অধ্যয়নত এই গুৰুত্বপূৰ্ণ তথ্য লাভ কৰে৷ তেওঁলোকে জানিব পৰা মতে, প্ৰশান্ত মহাসাগৰৰ তলত কেইবাখনো শক্তিশালী টেকট’নিক প্লেট পৰস্পৰৰ পৰা আঁতৰি যাবলৈ ধৰিছে, যাৰ ফলত এই ফাট মেলিছে৷ উল্লেখ্য যে পৃথিৱীৰ একেবাৰে ওপৰৰ তৰপটোক লিথ’স্ফিয়েৰ বা স্থলমণ্ডল বুলি কোৱা হয়৷ লিথ’স্ফিয়েৰ ভালেমান কঠিন প্লেটেৰে গঠিত হৈছে৷ এই প্লেটবোৰ অৰ্ধ তৰল পদাৰ্থৰ মাজত ওপঙি থাকে৷ এই অৰ্ধ তৰল পদাৰ্থক এস্থেন’স্ফিয়েৰ বুলি কোৱা হয়৷ এই প্লেটবোৰ এস্থেন’স্ফিয়েৰত ইফালে ইফালে ঘূৰি ফুৰে৷ টৰণ্টো বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞানীৰ এটা দলে লাভ কৰা তথ্য অনুসৰি প্ৰশান্ত মহাসাগৰৰ তলত প্লেটবোৰৰ মাজত গভীৰ ফাট মেলিছে৷ এই ফাট কেইবাশ কিল’মিটাৰ দীঘল আৰু কেইবা হাজাৰ কিল’মিটাৰ গভীৰ৷ প্ৰশান্ত মহাসাগৰীয় প্লেটত সৃষ্টি হোৱা এই বিশাল বিচ্যুতিক লৈ বিজ্ঞানীসকলেও আশ্চৰ্য প্ৰকাশ কৰিছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here