মগজুত কম্পিউটাৰ চিপ সংৰোপণ কৰা বিশ্বৰ প্ৰথমজন ব্যক্তি এতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে৷ মগজুত চিপ সংৰোপণ কৰা কোম্পানী নিউৰালিংকৰ স্বত্বাধিকাৰী ইলন মাস্কেৰ এই কথা প্ৰকাশ কৰিছে৷ মাস্কে প্ৰকাশ কৰা অনুসৰি এতিয়া এই ব্যক্তিজনে মনৰ ভাবনাৰে কম্পিউটাৰৰ মাউছ নিয়ন্ত্ৰণ কৰিব পাৰে৷ মাস্কে এই বিষয়ে জনায় কয় যে উক্ত ব্যক্তিজনে সঠিকভাৱে আৰোগ্যৰ দিশত আগবাঢ়ে আৰু এতিয়া স্নায়ুতন্ত্ৰৰ বিকাৰৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ পৰিছে৷ তেওঁ এতিয়া কেৱল ভাবিয়েই মাউছ চলাব পাৰে৷ মাস্কৰ মতে এতিয়া নিউৰালিংকে ৰোগীজনৰ পৰা যিমান পাৰি মাউছ ক্লিক কৰোৱাৰ চেষ্টা কৰি আছে৷ উল্লেখযোগ্য যে নিউৰালিংকে যোৱা বছৰ ছেপ্টেম্বৰত ৰোগীৰ মগজুত চিপ সংৰোপণৰ অনুমতি লাভ কৰিছিল৷ ইয়াৰ পাছত যোৱা মাহত এজন ৰোগীৰ মগজুত চিপ সংৰোপণ কৰা হয়৷ কোম্পানীটোৰ এই প্ৰথম সঁজুলিবিধক টেলিপেথি বুলি কোৱা হয়৷ মাস্কে এই কথা প্ৰকাশ কৰি কয় যে ইয়াৰ সহায়ত কেৱল মনত ভাবিয়েই ফ’ন বা কম্পিউটাৰ নিয়ন্ত্ৰণ কৰিব পৰা যাব৷