বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰমগজু সৃষ্টি বিজ্ঞানীৰ

0
168


নেদাৰলেণ্ডৰ বিজ্ঞানীৰ দল এটাই বিশ্বৰ ভিতৰতে আটাইতকৈ ক্ষুদ্ৰ মগজু সৃষ্টি কৰিছে৷ চাউল এটাৰ সমান এই ক্ষুদ্ৰ মগজু সৃষ্টি কৰে হুব্ৰেক্ট ইনষ্টিটিউটৰ বিজ্ঞানীসকলে৷ গৱেষকসকলৰ মতে, এই ক্ষুদ্ৰ মগজুৱে মানুহৰ বিভিন্ন ধৰণৰ স্নায়বিক ৰোগৰ চিকিৎসাত সহায় কৰিব৷ ইয়াক বিশ্বৰ প্ৰথমটো ব্ৰেইন অৰ্গেনইড বুলি কোৱা হৈছে৷ মন কৰিবলগীয়া যে মানুহৰ শৰীৰৰ যিকোনো অংগৰে হুবহু মডেল তৈয়াৰ কৰিব পাৰি, কিন্তু মগজুৰ পৰা নাছিল৷ নেদাৰলেণ্ডৰ বিজ্ঞানীসকলে সেই কাম কৰি দেখুৱালে৷ উক্ত প্ৰতিষ্ঠানটোৰ বিজ্ঞানীসকলে মগজুৰ অৰ্গেনইড তৈয়াৰ কৰিলে৷ মগজুৰ এটা সৰু কলাৰ পৰা এই ক্ষুদ্ৰ মগজু তৈয়াৰ কৰিছে৷ হুব্ৰেক্ট ইনষ্টিটিউটৰ অধ্যাপক হন্স ক্লেভাৰ্ছে এই প্ৰসংগত কয়, ‘মগজুৰ গৱেষণালৈ এইয়া আমাৰ গুৰুত্বপূৰ্ণ অৱদান৷ ইয়াৰ আগলৈকে মানুহৰ শৰীৰৰ প্ৰতিটো অংগৰে অৰ্গেনয়ড তৈয়াৰ কৰা হৈছিল আৰু মগজুৰ অৰ্গেনয়ড তৈয়াৰ কৰাটো এক প্ৰত্যাহবান আছিল৷ আমি এতিয়া এই প্ৰত্যাহবানক অতিক্ৰম কৰিলো৷’ নেদাৰলেণ্ডৰ গৱেষকসকলে দাবী কৰা অনুসৰি এই ক্ষুদ্ৰ মগজুৱে স্নায়বিক ৰোগৰ লগতে মানসিক ৰোগৰ চিকিৎসাতো সহায় কৰিব৷ ইয়াৰ জৰিয়তে আলঝেইমাৰ, ডিমেনছিয়া আৰু মাইক্ৰ’ছেফলীৰ দৰে ৰোগৰ চিকিৎসা সহজ কৰি তুলিব৷ ইয়াৰ লগতে শিশুৰ কেঞ্চাৰ ৰোগৰ চিকিৎসাতো সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here