জলবায়ু পৰিৱৰ্তনে পুৰুষৰ তুলনাতমহিলাৰ হ্ৰাস কৰিছে জীৱন প্ৰত্যাশা

0
142

জলবায়ু পৰিৱৰ্তনে পুৰুষৰ তুলনাত মহিলাসকলৰ জীৱন প্ৰত্যাশাত অধিক প্ৰভাৱ পেলাইছে৷ নিউয়ৰ্কৰ দ্য নিউ স্কুল ফৰ ছ’চিয়েল ৰিছাৰ্চ আৰু বাংলাদেশৰ শ্বাহজলাল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰা এটা অধ্যয়নৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি জলবায়ু পৰিৱৰ্তনে প্ৰতিগৰাকী মানুহৰ জীৱনৰ পৰা গড়ে ছমাহ কাঢ়ি নিছে৷ আন কথাত জলবায়ু পৰিৱৰ্তনৰ ফলত মানুহৰ আয়ুস গঢ় হিচাপত ছমাহ হ্ৰাস পাইছে৷ যদিহে বিশ্বৰ বাৰ্ষিক উষ্ণতা বৃদ্ধি গড়ে ১ ডিগ্ৰী ছেলচিয়াছ হয় তেতিয়া প্ৰতিজন মানুহৰ জীৱন প্ৰত্যাশা চাপে পাঁচ মাহ হ্ৰাস পাব৷ এই অধ্যনটোৰ পৰা লাভ কৰা তথ্য অনুসৰি যদিহে জলবায়ু পৰিৱৰ্তনৰ সূচকাংক বাৰ্ষিক ১০ পইণ্ট বৃদ্ধি পায় তেতিয়া পুৰুষৰ জীৱন প্ৰত্যাশা ৫ আৰু মহিলাৰ ৭ মাহকৈ হ্ৰাস পাব৷ অধ্যয়নটোত গৱেষক অমিত ৰায়ে ১৯১খন দেশৰ ১৯৪০-২০২০ সময়ছোৱাত তাপমাত্ৰা, বৰষুণ আৰু জীৱন প্ৰত্যাশ্যাৰ সৈতে জড়িত তথ্যসমুহ বিশ্লেষণ কৰিছিল৷ তেওঁলোকৰ এই অধ্যয়নটো প্ৰতিবেদন প্লছ ক্লাইমেটত প্ৰকাশ পাইছে৷ ইয়াত প্ৰকাশ পোৱা অনুসৰি জলবায়ুত হোৱা দ্ৰুত পৰিৱৰ্তনে খাদ্য, পানী বায়ু আৰু বতৰত ব্যাপক হাৰত নেতিবাচক প্ৰভাৱ পেলাইছে৷ লাহে লাহে পৰিস্থিতিয়ে অধিক বেয়াৰ ফালে গতি কৰিছে৷ গৱেষকসকলে কৰা অনুমান অনুসৰি জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৩০-২০৫০ সময়ছোৱাত প্ৰতি বছৰে আঢ়ৈ লাখ লোকে প্ৰাণ হেৰুৱাব৷ ইয়াৰ লগতে বিশ্বৰ আয়ত প্ৰতি বছৰে ৪০০ কোটি ডলাৰতকৈ অধিক লোকচান হ’ব৷ জলবায়ু পৰিৱৰ্তনে স্বাস্থ্যত পেলাব পৰা প্ৰভাৱৰ বিষয়ে জনাৰ কাৰণে গৱেষকসকলে ইয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিছিল৷ ইয়াত গ্ৰীষ্ম প্ৰৱাহ, বান, খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগক প্ৰত্যক্ষ কাৰক হিচাপে লোৱ হৈছিল৷ অধ্যয়নটোক পৰা জানিব পৰা অনুসৰি জলবায়ু পৰিৱৰ্তনে খেতি-বাতিত নেতিবাচক প্ৰভাৱ পেলাব৷ ইয়াৰ ফলত খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাব আৰু বিশ্বৰ বৃহৎ সংখ্যক লোকৰ কাৰণে খাদ্য সংকটৰ সৃষ্টি কৰিব৷ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হ’লে জীৱ-জন্তুৱে নিজকে পৰিৱেশৰ সৈতে খাপ খুৱাই ল’ব লাগিব অথবা নিজৰ মূল স্থান ত্যাগ কৰি সুবিধাজনক স্থানত আশ্ৰয় ল’ব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here