মহাকাশত হীৰাৰ তুমুল বৰষুণ পৰিছে৷ যেন আকাশ ভাঙি হীৰা পৰিছে ইউৰেনাছ আৰু নেপচুন গ্ৰহৰ পৰা৷ ইউৰেনাছ অস্থিৰ গ্ৰহ৷ আনাৰ সৌৰমণ্ডলৰ একেবাৰে শেষৰ ফালৰ গ্ৰহ ইউৰেনাছ আৰু নেপচুন৷ ইউৰেনাছ সৌৰজগৰত সপ্তম গ্ৰহ৷ ইয়াৰ আকাৰ আৰু আয়তনো বেছ ডাঙৰ৷ ই গ্ৰহ নহয়, যেন জমা হোৱা বৰফৰ বৃহৎ খণ্ড৷ ইয়াত মাজে মাজে তুমুল ঘূৰ্ণি বা ধুমুহাৰ সৃষ্টি হয়৷ আনহাতে নেপচুনৰ দূৰত্ব ইয়ৰ তিনিগুণ৷ নেপচুনো বৰফৰ আবৃত গ্ৰহ৷ সৌৰজগতৰ এটা কোণত অন্ধকাৰময় অঞ্চলত নিজৰ কক্ষপথত এই গ্ৰহটো ঘূৰি থাকে৷ মহাকাশ বিজ্ঞানীয়ে নেপচুনক অতিকায় তুষাৰৰ গোলা বা থূপ বুলি কয়৷ বিজ্ঞানায়ে কোৱা মতে সূৰ্যৰ পৰা কেইবাকোটি দূৰত্বত হোৱা বাবে এই গ্ৰহ দুটাৰ তাপমাত্ৰা অত্যন্ত কম আৰু বৰফেৰে ঢকা থাকে৷ মূলতঃ হাইড্ৰজেন আৰু হিলিয়াম গেছ ইয়াত প্ৰস্তুত হয়৷ এই ইউৰেনাছ আৰু নেপচুনক লৈ ৰহস্যৰ অন্ত নাই৷ নেচাৰ এষ্ট্ৰ’নমি নামৰ এখন বিজ্ঞান আলোচনীত আমেৰিকাৰ এছ এল এ চি নেশ্যনেল অকছিলাৰেটৰ লেবৰেটৰীৰ বিজ্ঞানীয়ে লিখিছে যে ইউৰেনাছ আৰু নেপচুনৰ হীৰাৰ বৰষুণ হৈছে৷ ইয়াত পোৱা হীৰাৰ পৰিমাণ গোটেই পৃথিৱীজুৰি থকা হীৰাৰ পৰিমাণতকৈ বহু বেছি৷ সৌৰজগতৰ শেষপ্ৰান্তত থকা এই গ্ৰহ দুটাত মুঠিয়ে মুঠিয়ে হীৰা পৰিছে৷ বিজ্ঞানীসকলে দাবী কৰা মতে হীৰাৰ তুমুল বৰষুণ হৈছে এই দুই গ্ৰহত৷ উল্লেখ্য যে ১৫০০ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত তথা ৪৫১ পৰা ৯০ কিলোবাৰ চাপত কাৰ্বন পৰমাণু হীৰালৈ ৰূপান্তৰিত হয়৷ এইদৰে কাৰ্বন পৰমাণু হীৰালৈ ৰূপান্তৰিত হ’বলৈ কমেও ১০০ ৰপৰা ৩০৫ বছৰ সময় লাগে৷ বিজ্ঞানীয়ে জানিবলৈ দিয়ে যে এই দুই গ্ৰহত হাইড্ৰজেন আৰু কাৰ্বনৰ অভাৱ নাই৷ সেই কাৰ্বন যিদৰে আন পদাৰ্থৰ লগত বিক্ৰিয়া কৰি বিভিন্ন যৌগ তৈয়াৰ কৰে, একেদৰে বিভিন্ন ধৰণে মৌল হিচাপেও থাকে৷ ইউৰেনাছ আৰু নেপচুনত প্ৰলয়ংকৰ জোৱাৰ বা ধুমুহা-শিলাবৃষ্টি হয়৷ বিদু্যৎ চমকি উঠে৷ এই বজ্ৰবিদ্যুৎ তাণ্ডৱৰ ফলতে গ্ৰেফাইট তৈয়াৰ হয়৷ এই গ্ৰেফাইট যেতিয়া গেছৰ সংস্পৰ্শত থাকি লাহে লাহে ঠাণ্ডা অৱস্থাপ্ৰাপ্ত হৈ কঠিন হৈ পৰে৷ লাহে লাহে ইয়েই হীৰালৈ ৰূপান্তৰিত হয় আৰু বৰষুণৰ আকাৰে পৰিবলৈ ধৰে৷