যোৱা সাত ফেব্ৰুৱাৰীত কেন্দ্ৰীয় জাহাজ পৰিবহণ, বন্দৰ আৰু আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীত ৰাষ্ট্ৰীয় ভাৰতীয় ঔষধ প্ৰণালী আয়োগৰ কাৰ্যালয় উদ্বোধন কৰে৷ এই অনু্ষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতে এতিয়া পৰম্পৰাগত ঔষধ তথা চিকিৎসা পদ্ধতিৰ গৱেষণা আৰু প্ৰসাৰৰ দিশত আত্নবিশ্বাসেৰে আগবাঢ়িছে৷ পৰম্পৰাগত ঔষধৰ সমৃদ্ধি ঐতিহ্যই দেশখনক এক স্বাস্থ্যৱান আৰু সুখী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ শক্তি প্ৰদান কৰিছে৷ তেওঁ লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আধুনিক চিকিৎসা পদ্ধতিৰ সমান্তৰালভাৱে আয়ুস প্ৰণালীকো একত্ৰিত কৰি শক্তিশালী ৰূপত আগুৱাই নিবৰ বাবে নিৰৱচ্ছিন্ন প্ৰচেষ্টা গ্ৰহণ কৰি থকা হৈছে৷ ভাৰতবৰ্ষত আয়ুস প্ৰণালী দেশৰ স্বাস্থ্য সেৱা খণ্ডত এক মুখ্য শক্তি হ’ব, য’ত স্বাস্থ্য সেৱা সমাধানৰ এক বিস্তৃত পৰিধি থাকিব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷ উক্ত অনুষ্ঠানত দেশৰ আয়ুস মন্ত্ৰ্যালয় কেইবাগৰাকী বিশিষ্ট লোকেও অংশগ্ৰহণ কৰে৷