এই বিশ্বব্ৰহ্মাণ্ড ৰহস্যৰে ভৰা৷ বিশ্বৰ নানা অঞ্চলত ৰহস্য লুকাই আছে৷ প্ৰকৃতিৰ বুকুত সৃষ্টিকৰ্তাই যেন এইবোৰ ৰহস্য লুকাই ৰাখিছে৷ অজানা এই ৰহস্যবোৰ জানিবলৈ মানুহৰ চেষ্টা বা কৌতূহলৰ শেষ নাই৷ এনে এটা ৰহস্যই লুকাই আছে এটা হ্ৰদত, যিটো হূদত কোনো প্ৰাণী তথা পশু-পক্ষী নামিলেই পৰিণত হয় পাথৰলৈ৷ দক্ষিণ আফ্ৰিকাৰ দেশ তাঞ্জানিয়াৰ নেট্ৰন হ্ৰদ ৰহস্যময় হিচাপে বিশ্বত পৰিচিত৷ এই হ্ৰদ ইমানেই ভয়ংকৰ যে ইয়াৰ পানীত নামিলে পশু-পক্ষী পাথৰলৈ ৰূপান্তৰিত হয়৷ এই ৰহস্যৰ ব্যাখ্যা বা বৈজ্ঞানিক কাৰণ নথকা নহয়৷ নেট্ৰন হ্ৰদৰ পানীৰ ক্ষাৰতা বা পি এইচ ১০.৫৷ বছৰৰ বেছিভাগ সময় এই হ্ৰদৰ পানীৰ তাপমাত্ৰা থাকে ৬০ ডিগ্ৰী ছেলচিয়াছ৷ যাৰ ফলত ইয়াৰ পানী দ্ৰুত বাষ্পীভূত হয়৷ যাৰ কাৰণে হূদৰ তল অংশত তৰল লাভা পৰি থাকে৷ ছডিয়াম আৰু কাৰ্বনেটৰ কাৰণে এই হ্ৰদত ছায়োনোবেক্টেৰিয়া নামৰ অণুজীৱৰ সৃষ্টি হয়৷ এই অণুজীৱৰ শৰীৰত ৰঙা ৰঞ্জক থাকে৷ ফলত এই হ্ৰদৰ পানী ৰঙা ৰঙৰ হয়৷ বিজ্ঞানীয়ে কোৱা মতে এই ৰঙৰ প্ৰতি আকৃষ্ট হৈয়ে পশু-পক্ষী হ্ৰদত নামে৷ কিন্তু ইয়াৰ পানী অতিৰিক্ত ক্ষাৰধৰ্মী হোৱা বাবে সেইবোৰৰ মৃত্যু হয়৷ ২০১৩ চনত লেক নেট্ৰনৰ আলোকচিত্ৰ তুলিছিল বিখ্যাত ব্ৰিটিছ ফটোগ্ৰাফাৰ নিক ব্ৰাণ্ডে৷ হ্ৰদটোৰ আশে-পাশে ঘূৰি তেওঁ অসংখ্য পখিৰ দৰে পাথৰৰ মূৰ্তি প্ৰত্যক্ষ কৰিছিল৷ তেওঁ সেইবোৰ ভালদৰে লক্ষ্য কৰি দেখিছিল যে এই সকলোবোৰ মৃত পক্ষীৰ দেহ৷ তেওঁ লগে লগে সেই মৃত পক্ষীবোৰৰ ছবি সংগ্ৰহ কৰিছিল৷ পাছলৈ সেই ছবিবোৰ দেখা পাই ইয়াৰ ৰহস্য জানিবলৈ সমগ্ৰ ইউৰোপৰ লোকেৰে হ্ৰদটো ভৰি পৰিছিল৷ এই আলোকচিত্ৰবোৰক লৈ ফটোগ্ৰাফাৰজনে এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰিছিল আৰু এই ছবিবোৰৰ নাম দিছিল– ’এলাইভ এগেইন ইন ডেথ’৷ গৱেষকৰ মতে এই হ্ৰদৰ পানীত ছডিয়ামৰ ক্ষাৰৰ পৰিমাণ ইমান বেছি যে কোনো জীৱিত প্ৰাণীৰ ছাল পুৰি যায় নিমিষতে৷ ইয়াৰ লগতে দীৰ্ঘকাল সেই হ্ৰদৰ পানীত থাকিলে শৰীৰৰ কোষবোৰৰ মৃত্যু হয়৷ সেই মৃতকোষবোৰকে পাথৰৰ মূৰ্তি যেন দেখি৷