হাড় কঁপোৱা শীতকালত পুৱা গা ধোৱাটো সাংঘাতিক কষ্ট কাম হয়৷ প্ৰবল শীতৰ দিনকেইটাত বহুতেই কম্বলৰ তলৰ পৰা বিছনাৰ পৰা উঠি অফিচলৈ হাত-ভৰি ধুইয়ে যায়গৈ৷ আনহাতে কেনেবাকৈ যদি দুদিনমান ঠাণ্ডাটো বেছিকৈ পৰে তেন্তে হেলাত বহুতেই এসপ্তাহলৈ গা নোধোৱাকৈয়ে থাকে৷ কিছুমানৰ বাবে পুৱাই টেপৰ বাহি গা কাটি নিয়া প্ৰচণ্ড ঠাণ্ডা পানীয়ে ত্ৰাহি মধুসূদন সোঁৱৰায়৷ এইকেইদিনত টেপৰ ঠাণ্ডা পানীয়ে আতংকৰ লেখীয়া কৰে৷ অৱশ্যে কিছুমানে ঠাণ্ডাৰ ভয়ত গিজাৰ অথবা ডেকচিত গৰম পানী কৰি গা তিয়ায়৷ সেই একেই পানী টিউবৱেল হ’লে বেছ আৰামদায়ক অনুভৱ কৰা হয়৷ কিয়নো শীতকালত আপুনিও নিশ্চয় লক্ষ্য কৰিছে যে টিউবৱেল পৰা গৰম পানী বাহিৰ হয়৷ ঠাণ্ডাৰ দিনত পুৱা যিমানে বেছিসময় দমকল ব্যৱহাৰ কৰে, সিমানেই গৰম পানী ওলায়৷ এই গৰম পানীৰে গা ধোৱাৰ আনন্দই সুকীয়া৷ টিউবৱেলৰ উষ্ণ পানীৰে গা ধোৱা আৰামদায়কো৷ এতিয়া প্ৰশ্ন হ’ল, ইমান ঠাণ্ডাৰ দিনটো টিউবৱেল পানী কিয় গৰম হৈ থাকে? ঠাণ্ডাৰ দিনত দমকলৰ পানী গৰম থকাৰ ৰহস্য কি? আচলতে দমকলৰ পানী মাটিৰ বহু গভীৰতাত থাকে আৰু এই পানীভাগ বতাহৰ সংস্পৰ্শ নাথাকে৷ আমাৰ চাৰিওফালৰ পৰিৱেশৰ তাপমাত্ৰা সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে৷ শীতকালত উত্তৰ গোলাৰ্ধৰ দেশবোৰতকৈ সূৰ্য দক্ষিণৰ দিশে হালি পৰে৷ যাৰ ফলত দিনৰ দৈৰ্ঘ্য যিমান কমি আহে, সূৰ্যৰ তাপ বা উত্তাপো এই সময়ত কম থাকে৷ ইয়াৰ ফলত বতাহো কম পৰিমাণে গৰম বা উত্তপ্ত হয়৷ সেয়ে সহজে মুকলিভাৱে থকা জলাশয়, টেংকিৰ আদিৰ পানী বায়ুপ্ৰবাহৰ কাৰণে ঠাণ্ডা হৈ যায়৷ আনহাতে ভূপৃষ্ঠৰ গভীৰত থকা পানীভাগৰ তাপমান গোটেই বছৰ মোটামুটি একেই থাকে আৰু এই পানীৰ অংশই বতাহৰ সংস্পৰ্শও নাপায়৷ শীতকালত আচলতে মাটিৰ গভীৰতাৰ থকা পানী উষ্ণ নহয়৷ বৰং পৰিৱেশৰ তাপমাত্ৰা বহু কম থাকে বাবে শৰীৰৰ আন অংগৰ লগতে হাত-ভৰিও ঠাণ্ডা হৈ থাকে৷ সেয়ে দমকলৰ স্বাভাৱিক তাপমাত্ৰাৰ পানীভাগ আমি গৰম বা উষ্ণ অনুভৱ কৰোঁ৷ আনহাতে দেখা যায় যে দুপৰীয়া অথবা আবেলি ভাগত দমকলৰ পানী গৰম অনুভৱ নহয়৷ কিয়নো দুপৰীয়া ভাগত আমাৰ শৰীৰৰ তাপমান বেছি থাকে বাবে দমকলৰ পানীৰ গৰম অনুভৱ কৰা নহয়৷