মানুহৰ মগজুত চিপসংৰোপণ কৰাত সফলতা

0
311

মানুহৰ মগজুত চিপ সংৰোপণ কৰাত সফলতা লাভ কৰিছে টেছলা-মালিক ইলন মাস্কৰ কোম্পানী নিউৰালিংকে৷ এটা সৰু মুদ্ৰাৰ সমান এই চিপ অস্ত্ৰোপচাৰৰ জৰিয়তে মানুহৰ মগজুত সংৰোপণ কৰা হয়৷ এই চিপ মানুহৰ মগজু আৰু কম্পিউটাৰৰ মাজত পোনপটীয়া যোগাযোগৰ মাধ্যম হৈ পৰিব৷ যদিহে মানৱ দেহত কৰা পৰীক্ষা সফল হয়, তেতিয়া এই চিপৰ জৰিয়তে দৃষ্টিহীন লোকসকলে দেখা পাব, পেৰালাইছিছ হোৱা লোকসকলে ঘূৰা-পকা কৰিব পাৰিব আৰু কম্পিউটাৰো চলাব পাৰিব৷ কোম্পানীটোৱে এই চিপৰ নাম দিছে লিংক৷ মাস্কে এই বিষয়ে উল্লেখ কৰি এক্সত কয়, ‘ৰোগীজনে সুন্দৰভাৱে আৰোগ্য লাভ কৰিছে৷ প্ৰথমজন ব্যক্তিৰ দেহত আমাৰ কোম্পানী নিউৰালিংকে সঁজুলি সংৰোপণ কৰিছে৷ ৰোগীজনে সুন্দৰভাৱে সুস্থ হৈ উঠা দেখা পোৱা গৈছে৷ প্ৰাৰম্ভিক ফল আশাপ্ৰদ৷’ মাস্কে আন এটা প’ষ্টত কয়, ‘এই সঁজুলিৰ জৰিয়তে আপুনি চিন্তা কৰাৰ লগে লগে ফ’ন, কম্পিউটাৰ আৰু ইয়াৰ জৰিয়তে আন যিকোনো সঁজুলি নিয়ন্ত্ৰণ কৰিব পৰা যাব৷ যিসকলৰ দেহৰ অংগই কাম কৰা বন্ধ কৰি দিছে, তেওঁলোক ইয়াৰ প্ৰথম ব্যৱহাৰকাৰী হ’ব৷’ মানৱ দেহত চিপ সংৰোপণ কৰি পৰীক্ষা কৰাৰ কাৰণে নিউৰালিংকে যোৱা বছৰ অনুমতি লাভ কৰিছিল৷ নিউৰালিংকে প্ৰকাশ কৰা অনুসৰি প্ৰথম অৱস্থাত যিসকল লোকে ৰাজহাড়ত কোনো ধৰণৰ আঘাত পাইছে বা এমিয়’ট্ৰফিক লেটাৰেল স্কে্লৰ’ছিছৰ কাৰণে কোৱাড্ৰিপ্লেজিয়া হৈছে তেওঁলোকক লৈ এই পৰীক্ষা কৰা হ’ব৷ পৰীক্ষাত ভাগ ল’ব খোজাসকলৰ বয়স ২২ বছৰ হ’ব লাগিব আৰু এই পৰীক্ষা সম্পূৰ্ণ হওঁতে লাগিব ছবছৰ৷ এই সময়ছোৱাত পৰীক্ষাত ভাগ লোৱা লোকসকলক পৰীক্ষাগাৰলৈ অহাৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব৷ পৰীক্ষাৰ জৰিয়তে এই চিপে মানৱ দেহত কেনেদৰে কাম কৰে সেইটো জানিবলৈ বিচৰা হৈছে৷ নিউৰালিংকে প্ৰকাশ কৰা অনুসৰি লিংক সংৰোপণ কৰাৰ পাছত কোনো এজন ব্যক্তিৰ মগজুৰ কাৰ্যকলাপৰ জৰিয়তে ম’বাইল, কম্পিউটাৰৰ দৰে সঁজুলি নিয়ন্ত্ৰণ কৰিব পাৰিব৷ হাত অকামিলা হৈ থকা ব্যক্তিয়ে মগজুত ভবাৰ দৰে কম্পিউটাৰ কাৰ্চাৰ চলাব পাৰিব৷ যিকোনো স্থানলৈ গৈ এই চিপৰ জৰিয়তে সংৰোপণ কৰা হ’ব আৰু কাৰো চকুত নপৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here