পক্ষীজ্বৰত আতংকিতহিমায়িত এণ্টাৰ্কটিকা

0
385


এণ্টাৰ্কটিকাৰ যেনিয়ে চোৱা যায়, চাৰিওফালে কেৱল বৰফ আৰু বৰফ৷ ইয়াত মানুহৰ বসতি স্থাপনৰ বাবে উপযুক্ত পৰিৱেশতো নায়েই, আন উদ্ভিদ বা জীৱ থকাৰ বাবেও অনুকূল পৰিৱেশ নাই৷ ইয়াৰ মূলতঃ প্ৰাণী হিচাপে পেংগুইনেই বসতি কৰে৷ হিমচেঁচা পৰিৱেশত পেংগুইনে কলনি স্থাপন কৰি জীৱন ধাৰণ কৰে৷ কিন্তু শেহতীয়াভাৱে এক খবৰে সকলোকে হতচকিত কৰি তুলিছে৷ বৰফাবৃত্ত এণ্টাৰ্কটিকাৰ দক্ষিণ জৰ্জিয়া দ্বীপত এটা কিং পেংগুইনৰ মৃত্যুক লৈ চিন্তিত হৈ পৰিছে বিজ্ঞানী মহল৷ কিয়নো এই পেংগুইন পক্ষীজ্বৰত আক্ৰান্ত গৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷ উক্ত খবৰটো যদি সঁচা হয়, তেন্তে পেংগুইনৰ জীৱনৰ লৈ শংকা নামি আহিব আৰু দুৰ্লভ প্ৰজাতিৰ এই পেংগুইনৰ অস্তিত্বক লৈও চিন্তাৰ কাৰণ হ’ব৷ উল্লেখ্য যে এই সময়ছোৱা সাধাৰণতে পেংগুইনৰ প্ৰজনন কাল বুলি জনা যায়৷ সেয়ে পেংগুইনবোৰ এই সময়তে যদি এইদৰে পক্ষীজ্বৰত আক্ৰান্ত হ’বলগীয়া হয়, তেনেহ’লে ভৱিষ্যতে পেংগুইনৰ বংশ বিস্তাৰৰ ক্ষেত্ৰতো বাধা আহি পৰিব আৰু ক্ৰমে এই প্ৰজাতিৰ পেংগুইন বিশ্বৰ পৰা লোপ পাবলৈ আৰম্ভ কৰিব৷ সেয়েহে বিজ্ঞানীসকলে এই বিষয়টো লৈ অধিক চিন্তা ব্যক্ত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here