আশ্চৰ্য ! এটা নেমুৰ দাম ডেৰ লাখ টকা

0
136


কেতিয়াবা কেতিয়াবা কোনো কামত নহা যেন লগা একো একোটা বস্তুৰ নিলামত আচৰিত ধৰণৰ দাম পোৱা যায়৷ দেখাত আৱৰ্জনাৰ দৰে লাগিলেও এনে সামগ্ৰীৰ নিলামত উঠা দামে সকলোকে আচৰিত কৰি তোলে৷ শেহতীয়াকৈ ইংলেণ্ডত তেনেধৰণৰ এটা ঘটনা ঘটে৷ ইংলেণ্ডত অলপতে এটা পুৰণি আলমাৰিৰ নিলাম কৰা হৈছিল৷ কিন্তু আলমাৰিটোতকৈ অধিক দাম পালে তাৰ ভিতৰত থকা এটা শুকান নেমুৱে৷ এই শুকান নেমুটো বিক্ৰী হ’ল প্ৰায় ডেৰ লাখ টকাত৷ কিন্তু ই এটা সাধাৰণ নেমুৱেই আছিল৷ ইংলেণ্ড হোৱা এই নিলামে ব্যাপক চৰ্চা লাভ কৰিছে৷ ইয়াক কাৰণ হ’ল ব্ৰেটলছত এজন লোকে তেওঁৰ ককাকৰ আলমাৰিটো বিক্ৰী কৰিবলৈ বিচাৰিছিল৷ এই সৰু আলমাৰিটো ঊনবিংশ শতিকাৰ আছিল৷ আলমাৰিটোৰ নিলামকৰ্তাই ইয়াৰ ফটো লৈ থাকোঁতে ভিতৰত এই নেমুটো লাভ কৰে৷ এই নেমুটো প্ৰায় ২৮৫ বছৰ পুৰণি আছিল৷ নেমুটোৰ ৰং ক’লা হৈ পৰিছিল৷ এই নেমুটোৰ ওপৰত এটা বিশেষ বাৰ্তা লিখা আছিল৷ এই বাৰ্তাটো হ’ল ‘মিষ্টাৰ পি লু ফ্ৰেন্সিনীয়ে ১৮৩৯ চনৰ ৪ নৱেম্বৰত এই নেমুটো মিছ ই বেক্সটাৰক দিছিল৷’ ইংলেণ্ডত নেমুক এক ৰোমাণ্টিক উপহাৰৰূপে গণ্য কৰা হয়৷ এই নেমুটো নিলামৰ বাবে ৰখাৰ সময়ত ইয়াৰ দাম ৪২০০-৬০০০ টকা হ’ব বুলি আশা কৰা হৈছিল৷ কিন্তু নিলামত নেমুটো বিক্ৰী হয় ১.৪৭ লাখ টকাত৷ আনহাতে আলমাৰিটো বিক্ৰী হয় মাত্ৰ ৩৩৬০ টকাতহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here