বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰবিহীনতাৰকাৰাজ্য আৱিষ্কাৰ

0
290


বিশ্বব্ৰহ্মাণ্ডত বিজ্ঞানীসকলে এনেকুৱা কিছুমান বস্তু দেখা পায় যিবিলাকে পূৰ্বৰ জ্ঞান তথা অভিজ্ঞতাক প্ৰত্যতাহবান জনায়৷ অৱশ্যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত তেনে ধৰণৰ ৰহস্যময় বস্তু বা পিণ্ড দেখা পালে প্ৰথমে তেওঁলোকে ইয়াৰ ব্যাখ্যা আগবঢ়োৱাৰ চেষ্টা কৰে৷ ইয়াৰ পাছত এই সম্পৰ্কে অধ্যয়ন তথা গৱেষণা কৰিবলৈ আৰম্ভ কৰে যাতে নিজৰ মতক সঠিক বুলি প্ৰমাণ কৰিব পাৰে৷ শেহতীয়াকৈ বিজ্ঞানীসকলৰ এটা দলে বিশ্বব্ৰহ্মাণ্ডত তেনে এক ৰহস্যজনক তাৰকাৰাজ্য আৱিষ্কাৰ কৰিছে৷ এই তাৰকাৰাজ্যখনত এটাও তৰা নাই৷ এই ৰহস্যজনক তাৰকাৰাজ্যখন আছে আমাৰ পৃথিৱীৰ পৰা ২৭ কোটি আলোকবৰ্ষ দূৰৈত৷ এই নতুন তাৰকাৰাজ্যখনৰ নাম দিয়া হৈছে জে০৬১৩+৫২৷ এই তাৰকাৰাজ্যখনে ইয়াৰ পৰম্পৰাগত ধাৰণাটোক প্ৰত্যাহবান জনাইছে৷ ইয়াৰ কাৰণ হ’ল তাৰকাৰাজ্যখনত এটাও নক্ষত্ৰ নথকাটো৷ তৰা নথকা সত্বেও ইয়াক তাৰকাৰাজ্য বুলি কিয় কোৱা হৈছে ইয়ৰো উত্তৰ দিছে বিজ্ঞানীসকলে৷ নক্ষত্ৰ নাথাকিলেও এই বিশাৰ পিণ্ডাটো আন্তঃনক্ষত্ৰীয় গেছেৰ পৰিপূৰ্ণ হৈ আছে৷ অৰ্থাৎ তাৰকাৰাজ্যখন সম্পূৰ্ণ উদং নহয়৷ তাৰকাৰাজ্যৰ পৰা নক্ষত্ৰবোৰ আঁতৰাই পেলালে যেনেকুৱা দেখিব এই তাৰকাৰাজ্যখনো তেনেকুৱাই৷ গ্ৰীন বেংক মানমন্দিৰৰ এষ্ট্ৰ’ফিজিছিষ্ট কেৰেন অ’ নীলৰ নেতৃত্বত গৱেষকৰ দলটোৱে কয় যে বিশ্বব্ৰহ্মাণ্ডত প্ৰথম বাৰৰ বাবে এনেধৰণৰ তাৰকাৰাজ্য আৱিষ্কাৰ কৰা হৈছে আৰু ই এটা মৌলিক তাৰকাৰাজ্য৷ এই ৰাজৰাজ্যখন গেছেৰে গঠিত আৰু ব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক সময় ছোৱাতে সৃষ্টি হোৱা হ’ব পাৰে৷ গ্ৰীন বেংকৰ দূৰবীণেৰে উদ্দেশ্যহীনভাৱে এক সুকীয়া দিশত মহাকাশলৈ চাই থকাৰ সময়ত এই তাৰকাৰাজ্যখন আৱিষ্কাৰ কৰা হয়৷ গৱেষকসকলৰ মতে, তাৰকাৰাজ্যখনত হয়তো নক্ষত্ৰ থাকিব পাৰে, কিন্তু তেওঁলোকে দেখা নাপাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here