এইবোৰ কাৰণত প্ৰচণ্ড শীততোঘৰৰ ভেণ্টিলেশ্যনৰ খুলি ৰখা জৰুৰী

0
147


সাধাৰণতে বাহিৰৰ ধূলি-মাকতি তথা শীতকালত বাহিৰৰ ঠাণ্ডা বহাত আদিৰ পৰা সুৰক্ষাৰ বাবে ঘৰত ভেণ্টিলেশ্যন বা জালান দিয়া হয়, যাতে ঘৰৰ ভিতৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু ঘৰত পোহৰ সোমাব পাৰে৷ মন কৰিবলগীয়া কথা হ’ল বিশেষকৈ শীতকালত বাহিৰৰ শীতল বতাহ বা ঠাণ্ডাৰ পৰা বাচিবলৈ জালান বন্ধ কৰা হয় যদিও সকলো সময়তে ভেণ্টিলেশ্যন বন্ধ কৰা উচিত নহয়৷ লাগিলে পুহ মাহত ঠেঁটুৱৈ ধৰা জাৰেই হওক৷ এনে পৰিৱেশতো কিছু সময়ৰ বাবে জালান খোলা ৰখা উচিত৷ প্ৰকৃতিৰ বিশুদ্ধ বতাহ ঘৰৰ ভিতৰত সোমাবলৈ দিয়াটো নিতান্তই প্ৰয়োজন৷ আমাৰ নিঃশ্বাসৰ সৈতে যিমান কাৰ্বন-ডাই-অক্সাইড বাহিৰ হয় অথবা ৰন্ধা-বঢ়া কৰিবলৈ জ্বলন কাৰ্যৰ বাবে যি ৰাসায়নিক সৃষ্টি হয়, সেইবোৰে ভিতৰৰ বায়ু দূষিত কৰি তোলে৷ আনহাতে ঘৰৰ ভিতৰত ব্যৱহাৰ কৰা বিভিন্ন উপকৰণৰ ফলতো ভিতৰৰ বায়ুৰ বিশুদ্ধতা হেৰাই যায়৷ সেয়ে ভিতৰৰ বায়ু পৰিষ্কাৰ বা পৰিশুদ্ধ কৰিবলৈ হ’লে প্ৰাকৃতিক বতাহৰ প্ৰয়োজন হয়৷ এনে পৰিশুদ্ধ বায়ু পাবলৈ হ’লে ঘৰৰ জালান বা ভেণ্টিলেশ্যন খুলি দিয়াটো অত্যন্ত জৰুৰী৷ ইয়াৰ লগতে ভিতৰৰ অবিশুদ্ধ বায়ুৰ ফলত উৎকট গোন্ধ বা বেয়া গোন্ধৰ সিৃষ্ট হয়৷ পাকঘৰৰ এগজাষ্ট ফেন বা কিচ্ছেনৰ চিমনিৰ দৰে কিছু অনুষংগ ব্যৱহাৰ কৰিলেও কিন্তু এই দুৰ্গন্ধৰ সমস্যা সমাধান নহয়৷ সেয়ে ভিতৰলৈ বায়ু চলাচলৰ ব্যৱস্থা কৰিবলৈ জালান খুলি দিয়া অত্যন্ত দৰকাৰী কাম৷ বিভিন্ন কাৰণত শীতকালত মন বিষণ্ণ হৈ উঠা দেখা যায়৷ মন ভালে ৰাখিবলৈ ঘৰৰ দুৱাৰ-খিৰিকী তথা ভেণ্টিলেশ্যন খুলি বাহিৰৰ বতাহ ঘৰত সোমাব দিলে মগজুৱে শীতলতা অনুভৱ কৰে, যাৰ ফলত মনৰ দুশ্চিন্তা-দুৰ্ভাৱনা আঁতৰ হৈ মনটোও ভালে থাকে৷ আনহাতে শীতকালত ৰ’দৰ প্ৰকোপ কম থাকে বাবে ৰ’দ পৰা সময়খিনি জালান বা ভেণ্টিলেশ্যন খোলা ৰাখিলে ঘৰৰ ভিতৰখন সূৰ্যৰ তাপে উত্তাপ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here