অভিনৱ এক মহাকাশ মিছনৰ বাবেহাত মিলালে ইছৰ’ আৰু নাছাই

0
359

অভিনৱ এক মিছনৰ বাবে বিশ্বৰ দুই অন্যতম শক্তিধৰ মহাকাশ গৱেষণা সংস্থা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাছা আৰু ভাৰতৰ ইছৰ’ৱে হাত মিলাইছে৷ এইবাৰ ইছৰ’ৰ আৰু নাছাই সমূহীয়াভাৱে মিলি নিসাৰ পঠোৱাৰ পৰিকল্পনা কৰিছে৷ দুয়োটা মহাকাশ সংস্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ২০২৪ চনত ‘নিসাৰ’ক মহাকাশলৈ প্ৰেৰণ কৰিব৷ ভাৰতৰ পৰা নিসাৰ পঠিওৱাৰ দায়িত্ব গ্ৰহণ কৰিছে ইছৰ’ই নাছাৰ সহযোগত৷ ইয়াৰ বাবে মহাকাশত প্ৰযুক্তিগতভাৱে ইছৰ’ আৰু নাছাই একেলগে কাম কৰা সিদ্ধান্ত গ্ৰহণ কৰে৷ নিসাৰ মহাকাশত পঠিওৱাৰ পাছত গোটেই বিশ্বৰ ওপৰত দৃষ্টি পৰা আৰম্ভ হ’ব৷ প্ৰতি ১২ দিন গোটেই বিশ্বৰ ভূপৃষ্ঠত নিসাৰক দুইবাৰ দেখা যাব৷ উল্লেখ্য যে নিসাৰে প্ৰধানতঃ  কেইবাটাও দিশৰ ওপৰত চকু ৰাখিব৷ যাৰ ভিতৰত এটা হ’ল বিশ্বৰ স্থলভাগ আৰু জলভাগৰ ওপৰত থকা বৰফৰ ছাদতো৷ বৰফৰ গলনৰ মাত্ৰা, বৰফ গলাৰ পৰিমাণ, বৰফৰ গলনৰ ফলত কি পৰিঘটনা সংঘটিত হৈছে আদি সকলো দিশতে তন্নতন্নকৈ নজৰ ৰাখিব৷ যিয়ে বিশ্বৰ উষ্ণায়নৰ ফলত বৰফ গলাৰ সম্বন্ধে আৰু অধিক জনাত বিশ্বক সহায় কৰিব৷ ইয়াৰ বাহিৰেও আগ্নেয়গিৰিৰ পৰা অগ্নুৎপাতৰ কাৰণে কিদৰে মাটিৰ চৰিত্ৰ সলনি হয় তাৰ ওপৰতো নজৰ ৰাখিব নিসাৰে৷ আনহাতে বিশ্বজুৰি যিমান সৰু-ডাঙৰ জলাশয়, নদী আছে তথা ইয়াৰ সংলগ্ন যিমান মাটি আছে৷ ইয়াৰ চৰিত্ৰ সলনিৰ বিষয়েও নজৰ ৰাখিব ইছৰ’ আৰু নাছাৰ এই যৌথ কৃত্ৰিম উপগ্ৰহটোৱে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here