খাদ্যৰসিক ভাৰতীয়সকলৰ পাকঘৰত সততে পোৱা যায় নৰসিংহৰ পাত৷ বিভিন্ন ধৰণৰ খাদ্য-সামগ্ৰী ৰান্ধোতে নৰসিংহৰ পাত ব্যৱহাৰ কৰা হয়৷ নৰসিংহৰ পাতে ব্যঞ্জনৰ সোৱাদ বৃদ্ধি কৰাই নহয় ই ঔষধীয় গুণেৰেও ভৰপূৰ৷ বহুতে নৰসিংহৰ পাতৰ গোন্ধো পচন্দ কৰে৷ কিছুমান লোকে কেঁচাপাত চাটনী হিচাপে প্ৰস্তুত কৰিও খায়৷ বিশেষজ্ঞসকলৰ মতে দৈনিক ১০-১৫খন পাত চোবাই খালে শৰীৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে৷ ভালেমান পুষ্টিকৰ দ্ৰব্য থকা নৰসিংহ পাতে ৰোগ দূৰ কৰাটো সহায় কৰে৷ ইয়াৰ লগতে নৰসিংহৰ পাতত এণ্টিঅক্সিডেণ্টো থাকে৷ স্বাস্থ্য বিষয়ক এটা ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি নৰসিংহৰ পাতত এল্কালাইড, গ্লাইকোছাইড আৰু ফেনেলিক যৌগ আছে৷ এই উপাদানসমূহে মানুহৰ শৰীৰত এণ্টিঅক্সিডেণ্টৰ কাম কৰে৷ এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰটো ৰোগমুক্ত কৰি ৰখাটো সহায় কৰে৷ ইয়াৰ উপৰি নৰসিংহৰ পাতে শৰীৰক ফ্ৰি ৰেডিকেল্ছৰ পৰা হ’ব পৰা ক্ষতিৰ পৰাও ৰক্ষা কৰিব পাৰে আৰু অক্সিডেটিভ ষ্টেছ হ্ৰাস কৰাত সহায় কৰে৷ উল্লেখ্য যে ফ্ৰি ৰেডিকেলছ এনেকুৱা মুক্ত কণা যি শৰীৰক ৰক্ত আৰু আন তৰল পদাৰ্থৰ সৈতে মিলি প্ৰৱাহিত হৈ থাকে৷ ই আমাৰ শৰীৰৰ কোষবোৰৰ ক্ষতি সাধন কৰে যাৰ প্ৰভাৱ পৰে ছালত৷ ইয়াৰ ফলত ছালৰ উজ্জ্বলতা হ্ৰাস পোৱাৰ লগতে শোতোৰা পৰিবলৈ ধৰে৷ শৰীৰত মুক্ত কণা আৰু এণ্টিঅক্সিডেণ্টৰ ভাৰসাম্য নোহোৱা হ’লে ছাল, কোষ আৰু কলাত চাপৰ সৃষ্টি কৰে আৰু ইয়াকে অক্সিডেটিভ ষ্ট্ৰেছ বুলি কোৱা হয়৷ নৰসিংহৰ পাতে ইয়াক নোহোৱা কৰাত সহায় কৰে৷ আনহাতে নৰসিংহৰ পাতত থকা খনিজ আৰু তৈল পদাৰ্থও থাকে৷ নৰসিংহৰ পাত প্ৰদাহৰোধী বুলিও কোৱা হয়৷ নৰসিংহৰ পাত আঁহযুক্ত আৰু ইয়াক খালে পাচন প্ৰণালী শক্তিশালী কৰে৷ ইয়াৰ লগতে পেট পৰিষ্কাৰ কৰাতো সহায় কৰে৷ পাচন প্ৰণালীৰ সমস্যা দূৰ কৰাতো নৰসিংহ পাতে সহায় কৰে৷ নৰসিংহই কলেষ্টেৰল আৰু ট্ৰাইগ্লিছৰাইড নিয়ন্ত্ৰণত সহায় কৰে৷ নৰসিংহ পাতে তেজত উচ্চ মাত্ৰাত থকা শৰ্কৰা হ্ৰাস কৰাতো সহায় কৰে৷ আন কথাত বহুমূত্ৰ ৰোগীৰ বাবে ই অতি উপকাৰী৷ ইয়াৰ উপৰি আমাৰ মগজুকে ধৰি শৰীৰৰ স্নায়ুতন্ত্ৰক শক্তিশালী কৰাতো সহায় কৰে৷ আলজেইমাৰৰ দৰে ৰোগ প্ৰতিৰোধত নৰসিংহ পাতে সুফল দিয়ে বুলি কোৱা হৈছে৷ শৰীৰৰ দূষিত পদাৰ্থ তথা দ্ৰব্যসমূহ উলিয়াই নিয়াত সহায় কৰাৰ ফলতে নৰসিংহ পাতে শৰীৰত চৰ্বি জমা হোৱাতো বাধা দিয়ে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে৷