মাছৰ কাঁইট খালেশৰীৰৰ কি হয় জানেনে?

0
185


প্ৰ’টিনেৰে সমৃদ্ধ মাছ আটাইতকৈ পুষ্টিকৰ খাদ্য হিচাপে ধৰা হয়৷ মাছ ভাল নোপোৱা মানুহ চাগে নোলাব৷ মাছৰ বিভিন্ন ব্যঞ্জনে ভাতসাঁজৰ তৃপ্তি প্ৰদান কৰে৷ ইয়াৰ লগতে শৰীৰৰ সুস্থ তথা সবল কৰি ৰখাত সহায় কৰে৷ প্ৰ’টিনেৰে ভৰপূৰ মাছ খোৱাৰ সময়ত ইয়াৰ কাঁইটবোৰ কিছুমানে খায় যদিও বহুতেই পেলাই দিয়ে৷ আচলতে মাছৰ কাঁইটবোৰ খোৱা উচিতনে আৰু ইয়াৰ খাদ্যগুণ আছেনে? এই বিষয়ে অলপ জানো আহক৷
পুষ্টিবিদে জনোৱা মতে কেলচিয়াম আৰু ফচফৰাছেৰে সমৃদ্ধ মাছৰ কাঁইট খোৱাৰ ফলত শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ হয়৷ আনহাতে হাড় আৰু দাঁতৰ কাৰণে মাছৰ কাঁইট যথেষ্ট উপকাৰী৷ ইয়াৰ লগতে অষ্টিঅ‘পৰোছিছ আৰু অষ্টিঅ’আথ্ৰাইটিছ আদিৰ দৰে সমস্যা মাছৰ কাঁইট খালে সমাধান হয়৷ কিন্তু মাছৰ কাঁইট খালে এটা কথা সদায় মনত ৰখা ভাল যে মাছটো যাতে সজীৱ তথা জীয়নীয়া মাছ হয়৷ সংৰক্ষিত তথা বৰফ দিয়া বা চালানী মাছৰ কাঁইট খোৱা উচিত নহয়৷ এনে মাছৰ কাইট খালে হিতে বিপৰীতহে হোৱা দেখা যায়৷ সংৰক্ষিত মাছৰ কাঁইট খোৱাৰ ফলত পৰিপাকৰ সমস্যা হ’ব পাৰে৷ মাছ হৈছে বেছ কিছু খনিজ ভাণ্ডাৰ৷ ইয়াত কেলচিয়ামৰ উপৰি জিংক, আইৰন আদি উপাদান পোৱা যায়৷ বিশেষজ্ঞই কোৱা মতে মাছৰ নৰম জোল বনাই খালে সম্পূৰ্ণ পুষ্টিগুণ পোৱা যায়৷ ইয়াৰ লগতে এটা কথা মন কৰা দৰকাৰ যে বজাৰত বিক্ৰী কৰা মাছত বেছিভাগতেই ফৰ্মেলিন মিহলোৱা হয় সংৰক্ষণৰ উদ্দেশ্যে৷ এইধৰণৰ মাছৰ কাঁইট খোৱাৰ ফলত বিভিন্ন শাৰীৰিক অসুবিধাই দেখা দিব পাৰে৷ হজমৰ সমস্য্যা, পেটৰ নানা সমস্যা, আনকি কেঞ্চাৰৰ দৰে জটিল সমস্যায়ো দেখা দিব পাৰে৷ আনহাতে মাছৰ কাঁইট খাওঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত, নহ’লে ইয়াৰ কাঁইট ডিঙিত লাগি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here