বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিতে সৃষ্টিহোৱা কৃষ্ণ গহ্বৰৰ আৱিষ্কাৰ

0
181


বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ৰহস্যময় পিণ্ডবোৰৰ ভিতৰত কৃষ্ণ গহবৰ অন্যতম৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা অনুসৰি ইয়াৰ জেম্‌ছ ৱেব দূৰবীণৰ সহায়ত আটাইতকৈ দূৰৈত থকা এটা বিশাল আকাৰৰ কৃষ্ণ গহবৰ আৱিষ্কাৰ কৰিছে৷ এই কৃষ্ণ গহবৰটো অতি পুৰণা আৰু মহানিনাদৰ ৫৭ কোটি বছৰৰ পাছতে অস্তিত্বলৈ আহিছিল৷ এই কৃষ্ণ গহ্বৰটো আছে চি ই ই আৰ এছ -১০১৯ নামৰ এখন তাৰকাৰাজ্যৰ কেন্দ্ৰভাগত৷ এই কৃষ্ণ গহ্বৰটোৰ ভাৰ সূৰ্যৰ ৯০ গুণ৷ বিজ্ঞানীসকলে ইয়াৰ লগতে আন দুটা সৰু কৃষ্ণ গহ্বৰৰ সন্ধানো লাভ কৰিছে৷ এই কৃষ্ণ গহ্বৰটোৱে ইয়াৰ কাষত থকা বস্তুবোৰক গ্ৰাস কৰি আহিছে৷ চি ই ই আৰ এছ-১০১৯ কৃষ্ণ গহবৰটো আনাৰ হাতীপটি তাৰকা ৰাজ্যৰ কেন্দ্ৰত থকা কৃষ্ণ গহ্বৰৰ দৰে৷ উল্লেখযোগ্য যে হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা কৃষ্ণ গহ্বৰৰ ভাৰ ৪৬ লাখ সূৰ্যৰ সমান৷ এই কৃষ্ণ গহ্বৰটো বিশ্ব ব্ৰহ্মাণ্ডত থকা আন বিশাল কৃষ্ণ গহ্বৰৰ দৰে উজ্জ্বল নহয়৷ কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পাছতে ইয়াৰ উৎপত্তি কেনেকৈ হ’ল সেই কথা জনাটো কঠিন হ’ব৷ দ্য এষ্ট্ৰ’ফিজিকেল লেটাৰ্ছত এই বিষয়ে প্ৰকাশ পাইছে৷ এই কৃষ্ণ গহ্বৰটোৱে নতুন ৰহস্যৰ সৃষ্টি কৰিলে৷ ইয়াৰ অধ্যয়নে হয়তো বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ প্ৰসংগত নতুন তথ্যৰ সন্ধান দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here