মেৰু অঞ্চলৰ ভালুকৰ ৰং বগাদেখিলেও আচলতে ক’লাহে

0
165


মেৰু অঞ্চলত থকা ভালুক বা পোলাৰ বেয়াৰৰ কথা প্ৰায়ভাগ মানুহে জানে৷ স্বচক্ষে দেখা নাপালেও এই প্ৰজাতিৰ ভালুকবিধৰ ছবি সকলোৱে প্ৰত্যক্ষ কৰিছে৷ তাৰ পৰা অনুমান কৰিব পাৰি যে বৰফৰ ৰাজ্যত থকা ভালুকৰ চেহেৰা, গা বৰণ কেনেকুৱা হয়৷ আন অঞ্চলত পোৱা ভালুকৰ দৰে বৰফৰ মাজত থকা ভালুকৰ গাৰ বৰণ দেখাত বগা হয়৷ বৰফত থকা বাবে এই ভালুকবিধৰ গাৰ ৰং বগা দেখি যদিও আচলতে মেৰু অঞ্চলত থকা ভালুক বগা নহয়৷ বিশেষজ্ঞই জনাইছে এই কথা৷ আন অঞ্চলত থকা ভালুকৰ দৰে সিহঁতৰো শৰীৰৰ বৰণ ক’লা হয়৷ আপাত দৃষ্টিত বৰফত বাস কৰা ভালুকৰ বৰণ বগা দেখাৰ মূলতে হ’ল গাৰ বগা লোমৰ কাৰণে৷ কিন্তু বগা ভালুকৰ গাৰ চামৰা ক’লাই থাকে৷ বগা নোমৰ কাৰণে ক’লা চামৰা স্পষ্টভাৱে চকুত ধৰা নপৰে৷ বৰঞ্চ বগা নোমৰ তলত যি চামৰা থাকে, সেই ক’লা হোৱাৰ কাৰণে প্ৰবল ঠাণ্ডাত মেৰু অঞ্চলত থকা ভালুকৰ শৰীৰক গৰম কৰি ৰখাৰ বাবে সূৰ্যৰ কিৰণ শুহি ল’ব পাৰে৷ সেয়ে মেৰু অঞ্চলত বাস কৰা ভালুকৰ নোমৰ ওপৰত সূৰ্যৰ ৰশ্মি পৰিলে এনেভাৱে প্ৰতিফলিত হয় যে তাৰ দেখিবলৈ বগা লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here