আমাজনৰ গভীৰত পোৱাগ’ল প্ৰাচীন নগৰৰ সন্ধান

0
157

আমাজনৰ গভীৰ অৰণ্যৰ মাজত এক প্ৰাচীন নগৰৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে বিজ্ঞানীয়ে৷ এইধৰণৰ লাভ কৰা নগৰৰ সন্ধানে বিস্মিত কৰিছে৷ এই খবৰটোৱে আমাজনত ইয়াৰ আগতে পোৱা প্ৰাচীন ধাৰণাৰ সলনি কৰি দিছে৷ পূৰ্ব ইকুয়েডৰৰ ঘৰ-বাৰী, পুখুৰীৰ সৈতে এই নগৰৰ যোগসূত্ৰ আছে বুলি ধাৰণা কৰা হৈছে৷ এই অঞ্চলটো এটা আগ্নেয়গিৰিৰ মুখতে অৱস্থিত৷ সেই সময়ত ইয়াৰ মাটি বেছ উৰ্বৰ আছিল৷ সন্দেহ কৰা মতে এই আগ্নেয়গিৰিৰ কাৰণেই সম্ভৱতঃ নগৰখন ধবংসপ্ৰাপ্ত হৈছিল৷ আনহাতে ইয়াৰ আগতে মানুহৰ ধাৰণা আছিল যে আমাজন অৰণ্যৰ মানুহ যাযাবৰ প্ৰকৃতিৰ আছিল৷ তেওঁলোকে সৰু সৰু দলত বিভক্ত হৈ বাস কৰিছিল৷ কিন্তু এতিয়া এই ধাৰণা সম্পূৰ্ণ সলনি হৈ গ’ল৷ গৱেষণাৰ নেতৃত্ব দিয়া ফ্ৰান্সৰ নেশ্যনেল চেণ্টাৰ ফ্ৰম ছাইণ্টিফিক ৰিছাৰ্চৰ পৰিচালক অধ্যাপক ষ্টেফেনে কৈছে যে এই অঞ্চলটো আমি জনা আমাজনৰ অন্য অঞ্চলতকৈ পুৰণি৷ সভ্যতা সম্পৰ্কে আমাৰ মাজৰ ইউৰোপকেন্দ্ৰিক এক দৃষ্টিভংগী আছিল৷ কিন্তু এতিয়া দেখা গ’ল যে সংস্কৃতি আৰু সভ্যতা সম্পৰ্কে আমাৰ ধাৰণাৰ পৰিৱৰ্তন কৰিব লাগিব৷ আনহাতে এই আৱিষ্কাৰৰ পৰা জনা গৈছে যে প্ৰাচীন কালত মানুহে জটিল প্ৰকৃতিৰ গুহাত বাস কৰিছিল৷ এই গুহাটো প্ৰায় ২৫০০ বছৰ আগেয়ে নিৰ্মিত হৈছিল৷ প্ৰত্নতাত্ত্বিকৰ মতে এক হাজাৰ বছৰ আগতে মানু্‌হে ইয়াত বাস কৰিছিল৷ আনহাতে বিজ্ঞানীয়ে কয় যে দহ হাজাৰৰ পৰা সৰ্বোচ্চ এক লাখপৰ্যন্ত মানুহে ইয়াত বাস কৰিছিল৷ প্ৰত্নতাত্ত্বিক বিভাগে লেজাৰ চেন্সৰ ব্যৱহাৰ কৰি ৩০০ বৰ্গফুট পৰ্যন্ত এলেকাৰ খনন কাৰ্য পৰিচালন কৰে৷ এই নগৰৰ দুই কাষে বহুতো খাল চিহ্নিত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here