পৃথিৱীৰ যি ছায়াপথৰ অংশ, সেই মিল্কিওৱেৰ বাহিৰৰ পৰা নতুন এক অপ্ৰত্যাশিত আৰু ব্যাখ্যাতীত সংকেতৰ সন্ধান পাইছে নাছাৰ বিজ্ঞানীয়ে৷ এই ৰহস্যময় সংকেত ধৰা পৰিছে নাছাৰ ফেৰমি গামা ৰে’ স্পেচ টেলিস্কোপৰ জৰিয়তে৷ যি সময়ত এই টেলিস্কোপটোৱে অন্য এটা অনুসন্ধান চলাইছিল৷ টেলিস্কোপটোৱে লাভ কৰা উক্ত সংকেতটো আন কোনো গামা ৰশ্মি সংকেতৰ সৈতে সম্পৰ্কিত হোৱাৰ সম্ভাৱনা আছে৷ যি একেই দিশে মুখামুখি হৈ আছে আৰু প্ৰায় একেই মাত্ৰাৰ৷ সেয়ে আন কোনো গামা ৰশ্মিৰ বিশ্লেষণ কৰা সম্ভৱ হোৱা নাই বুলি ব্ৰিটিছ দৈনিক ইণ্ডিপেণ্ডেণ্টৰ প্ৰতিবেদনত উল্লেখ কৰিছে৷ গৱেষকে জনোৱা মতে মহাবিশ্বৰ আৰম্ভণিতে পোৱা কছমিক মাইক্ৰ’ৱেভ বেকগ্ৰাউণ্ড বা চি এম বি নামৰ বিকিৰণৰ সংশ্লিষ্ট এটা গামা ৰশ্মিক লৈ অনুসন্ধান চলাই থকাৰ সময়তে এই নতুন বিষয়টো তথ্য লাভ কৰা হয়৷ বহু বছৰ আগতে বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে চি এম বিৰ গঠন প্ৰক্ৰিয়া এনেধৰণৰ যি তাৰ সংকেত লিঅ’ নক্ষত্ৰপুঞ্জৰ দিশে বেছি সক্ৰিয় থাকে বুলি প্ৰকাশ কৰিছিল৷ তাৰ বিপৰীত দিশলৈ গ’লে ইয়াৰ বেতাঁৰ তৰংগৰ মাত্ৰা কমি যায়৷ বিজ্ঞানীয়ে ইয়াৰ গঠন প্ৰক্ৰিয়াৰ আৰু ভালেমান দিশ চালি-জাৰি চাইছে, কাৰণ ইয়াৰ সংকেত সকলোতে পালে চি এম বিৰ বিভিন্ন বৈচিত্ৰ্য আৰু ভালেদৰে দেখাৰ সম্ভাৱনা আছে৷ নতুন এই গৱেষণাত বিজ্ঞানীয়ে দেখা পাইছে যে এই ডাইপোল আকৃতিৰ গঠন প্ৰক্ৰিয়া গামা ৰশ্মিৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়নে নহয়৷ আৰু ইয়াৰ কাৰণে নাছাই এটা স্পেচ টেলিস্কোপ ব্যৱহাৰ কৰিছে, যিয়ে গোটেই দিন গোটেই আকাশ স্কেন কৰিবলৈ সক্ষম৷ ইণ্ডিপেণ্ডেণ্ট-এ জনোৱা মতে আল্ট্ৰহাই এনাৰ্জি কছমিক ৰে’ অথবা ইউ এইচ চি আৰ নামে পৰিচিত ৰশ্মিবোৰ যি দিশে থাকে, নতুনকৈ আৱিষ্কৃত ডাইপোলটিও সেই একেটা দিশত অৱস্থান কৰি থাকে৷ বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে যে এই উৎসটো সম্পূৰ্ণ বাহিৰ কৰিব আৰু এই দুটা ঘটনাৰ অস্তিত্বৰ লৈ নতুন বিশ্লেষণ বিচাৰি পাব৷