ঠাণ্ডাৰ দিনত গাৰ ছাল শোতোৰা পৰাটো কোনো নতুন কথা নহয়৷ কিন্তু গাৰ ছাল শোতোৰা পৰিলে দেহৰ সৌন্দৰ্যত আঘাত লগাৰ লেখীয়া হয়৷ সাধাৰণতে বৃদ্ধাৱস্থাত গাৰ ছাল শোতোৰা পৰা দেখা যায় যদিও দেহত ভিটামিন-ডিৰ অভাৱ হ’লে যিকোনো বয়সতে গাৰ ছাল শোতোৰা পৰিব পাৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ–
কমলা টেঙাৰ ৰস দৈনিক নিয়মীয়াকৈ খাব লাগে৷
কেঁচা হালধি খুন্দি ইয়াৰ ৰস খোৱাৰ লগতে গাত ঘঁহিব লাগে৷
পকা আমৰ ৰস গাখীৰৰ লগত খাব লাগে৷
জেতুকা পাতৰ ৰস সানিব লাগে৷
আমলখিৰ ৰস ব্যৱহাৰ কৰিলেও গাৰ ছাল নিমজ হয়৷
ঠাণ্ডাৰ দিনত যথেষ্ট পৰিমাণ পানী খাব লাগে৷
গা শুকান হ’বলৈ দিব নালাগে, ক্ৰিমজাতীয় বস্তু গাত সানিব লাগে৷
ছালত বেছিকৈ বতাহ লগাব নালাগে৷
নেমু টেঙাৰ ৰস খাব লাগে৷